
Bianca Andreescu
ছেৰেনা উলিয়ামছে যেতিয়া ১৯৯৯ চনত প্ৰথমবাৰ ইউ এছ অ’পেন খিতাপ অৰ্জন কৰিছিল তেতিয়া এইগৰাকী কানাডিয়ান খেলুৱৈৰ জন্মই হোৱা নাছিল।
কানাডাৰ ১৯ বছৰীয়া বিয়াংকা এণ্ড্রেছকুৱে ইউ এছ অ’পেন ২০১৯ৰ খিতাপ অৰ্জন কৰি ৰচিলে ইতিহাস। গ্ৰেণ্ডশ্লাম বিজয়ী কানাডাৰ প্ৰথমগৰাকী খেলুৱৈ বিয়াংকা। ২৩ বাৰৰ গ্ৰেণ্ডশ্লাম বিজয়ী আমেৰিকাৰ ছেৰেনা উইলিয়ামছক ৬–৩, ৭–৫ ছেটত পৰাস্ত কৰি ইতিহাস ৰচিলে বিয়াংকাই। এই জয়েৰে বিয়াংকা গ্ৰেণ্ডশ্লাম বিজয়ী দ্বিতীয়গৰাকী সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিচিত হ’ল। ইয়াৰ পূৰ্বে ২০০৬ চনত ৰাছিয়াৰ মাৰিয়া ছাৰাপ’ভাই এই অভিলেখ গঢ়িছিল। বিগত বৰ্ষত বিয়াংকা টপ–২০০ ৰেংকিঙৰ বাহিৰত আছিল। কিন্তু মাত্ৰ এবছৰতে বিয়াংকা উন্নীত হৈছে ১৫সংখ্যক স্থানলৈ।
বিগত দুবছৰ ধৰি ইউ এছ অ’পেনৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাছিল বিয়াংকাই। দুবছৰে কোৱালিফায়িং মেচৰ প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈছিল এইগৰাকী খেলুৱৈ। উল্লেখযোগ্য যে ছেৰেনা উলিয়ামছে যেতিয়া ১৯৯৯ চনত প্ৰথমবাৰ ইউ এছ অ’পেন খিতাপ অৰ্জন কৰিছিল তেতিয়া এইগৰাকী কানাডিয়ান খেলুৱৈৰ জন্মই হোৱা নাছিল।
![]()
পিতৃ–মাতৃৰ সৈতে বিয়াংকা এণ্ড্রেছকু
ছেৰেনাৰ নামত আছে ৬টা ইউ এছ অ’পেনৰ খিতাপ। কিন্তু বিয়াংকাই প্ৰথমবাৰৰ বাবে এই টুৰ্ণামেণ্টত স্থান লাভ কৰি এই বিৰল কৃতিত্বৰ অধিকাৰী হয়।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|