உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • প্ৰেমিকৰ সৈতে লগ হৈ নিজ কন্যাই হত্যা কৰিলে পিতৃক! পিছত youtube-ত ভিডিও আপলোড কৰি জনালে ঘটনাৰ সবিশেষ

    প্ৰেমিকৰ সৈতে লগ হৈ নিজ কন্যাই হত্যা কৰিলে পিতৃক! পিছত youtube-ত ভিডিও আপলোড কৰি জনালে ঘটনাৰ সবিশেষ

    লজ্জাজনক ঘটনা!

    লজ্জাজনক ঘটনা!

    লজ্জাজনক ঘটনা!

    • Share this:
    কিশোৰ-কিশোৰীৰ কীৰ্তি জানিলে চকু কপালত উঠিব আপোনাৰ! নিজৰ সন্তানৰ আনন্দৰ বাবে দেউতাক, মাকে নিজৰ সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত। কিন্তু সেই সন্তানেই কেতিয়াবা পিতৃ-মাতৃক অৱজ্ঞা কৰা দেখা যায়। এইবাৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ঘটনাটো সংঘটিত হৈছে আমেৰিকাৰ লাচ-ভেগাচত।

    ছোৱালীজনীৰ বয়স মাত্ৰ ১৬ বছৰ। আৰু বয়ফ্ৰেণ্ডৰ বয়স ১৮ বছৰ। আৰু দুয়োজনে লগ হৈ হত্যা কৰিলে ছোৱালীজনীৰ দেউতাকক। আৰু দেউতাকৰ মৃত্যু হোৱাৰ পিছতে দুয়ো অৱসৰ বিনোদনৰ বাবে যায়। আৰু সেই ঠাইৰ পৰাই youtubeত ভিডিও আপলোড কৰি কিদৰে হত্যাকাণ্ডটো সংঘটিত কৰিলে, সেই সবিশেষ জনায়।



    ভিডিওটোত দুয়োজনে একেলগে ঘটনাৰ বিৱৰণ দিয়া দেখা গৈছে। ভিডিওটোত কোৱা হৈছে যে, কিদৰে দেউতাকক হত্যা কৰিলে আৰু ঘটনাটো বুজাবলৈ তেওঁলোকে কেমেৰাৰ সন্মুখত দেউতাকৰ তিনিটা আঙুলি দেখুৱায়। দেউতাকক হত্যা কৰাৰ অনুতাপ নাছিল তেওঁলোকৰ মুখত। অত্যন্ত ফুৰ্তিত বৰ্ণনা কৰি গৈছিল সকলো কথা।
    Published by:Himangshu Bhuyan
    First published: