মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »ইণ্টাৰনেটত ৬২কোটি টকাৰ অফাৰ পাই বেষ্ট ফ্ৰেণ্ডক হত্যা কৰিলে যুৱতীয়ে

ইণ্টাৰনেটত ৬২কোটি টকাৰ অফাৰ পাই বেষ্ট ফ্ৰেণ্ডক হত্যা কৰিলে যুৱতীয়ে

প্ৰতিকী ছবি

প্ৰতিকী ছবি

এজন অজ্ঞাত ব্যক্তিৰ সৈতে ইণ্টাৰনেটৰ মাধ্যমত বন্ধুত্ব হোৱাৰ পিছতে ছোৱালীজনীয়ে এই শিহৰণকাৰী কাণ্ড সংঘটিত কৰে। সেই ব্যক্তিজনে ছোৱালীজনীক ৯০লাখ আমেৰিকান ডলাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, ইয়াৰ বিনিময়ত বিচাৰিছিল ছোৱালীজনীৰ বেষ্ট ফ্ৰেণ্ডৰ মৃতদেহৰ ছবি। 

  • News18
  • Last Updated :
  • Share this:
    আমেৰিকাৰ এগৰাকী কম বয়সীয়া যুৱতীক নিজৰেই বেষ্ট ফ্ৰেণ্ডৰ হত্যাৰ ষড়যন্ত্ৰ আৰু হত্যাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই জঘন্য অপৰাধ সংঘটিত কৰিবলৈ যুৱতীগৰাকীক ৯০লাখ আমেৰিকান ডলাৰৰ (ভাৰতীয় মূল্যত প্ৰায় ৬৭.৭২কোটি টকা) অফাৰ প্ৰদান কৰা হৈছিল। ঘটনাৰ তদন্তকাৰী সকলৰ মতে আলাস্কাৰ ১৮‍বছৰীয়া ডেনালী ব্ৰাহ্মৰে কিছু দিন পূৰ্বে অনলাইন যোগে টাইলৰ নামৰ এজন ব্যক্তিৰ সান্নিধ্যলৈ আহে। ব্যক্তিজনে নিজকে অত্যন্ত চহকী বুলি দাবী কৰি যুৱতীগৰাকীক ৯০লাখ আমেৰিকান ডলাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ইয়াৰ বিনিময়ত যুৱতীগৰাকীক নিজৰ বেষ্ট ফ্ৰেণ্ডৰ মৃতদেহৰ ফটো পঠিয়াবলৈ কয়।

    প্ৰকৃততে টাইলৰ নামেৰে ভুৱা পৰিচয় দিয়া এই ব্যক্তিজন ইণ্ডিয়ানা নিবাসী ২১বছৰীয়া ডেৰেন চিল্মিলৰ আছিল। আদালতত দাখিল কৰা নথি অনুসৰি দুয়োজনে আলাস্কাত কাৰোবাৰ বলাৎকাৰ আৰু হত্যাৰ কেইবাটাও পৰিকল্পনা কৰিছিল। এই সময়ছোৱাত চিল্মিলৰে ব্ৰাহ্মৰক হত্যা আৰু বলাৎকাৰৰ দৰে জঘন্য অপৰাধৰ বহুকেইটা ভিডিঅ’ আৰু ছবি প্ৰেৰণ কৰে।

    ব্ৰাহ্মৰে এই শিহৰণকাৰী অপৰাধ কৰিবলৈ সাজু হৈ চাৰিজন বেলেগ ল’ৰাকো লগত লয়। ইয়াৰ পিছত ২জুনত ১৯বছৰীয়া হাফমেনৰ হত্যা কৰে আটাইকেইজন অপৰাধীয়ে।

    চিনেমাৰ কায়দাত কৰা হ’ল হত্যা!

    প্ৰথমে হত্যাকাৰীৰ দলটোৱে ফুচুলাই দুৰ্ভগীয়া সিন্থিয়াক পাহাৰ বগাবলৈ লৈ যায়। ইয়াৰ পিছত হাত ভৰি বান্ধি মুৰৰ পিছফালে গুলীয়াই দিয়ে। গুলীয়াই সেই অৱস্থাতে সিন্থিয়াক নদীলৈ দলিয়াই দিয়ে ঘাতকৰ দলে। মৃতদেহ উদ্ধাৰ হয় ৪জুনত।

    ১২বছৰীয়া সৰু ছোৱালীৰ দৰে আছিল মৃত সিন্থিয়া

    পিতৃ–মাতৃয়ে প্ৰকাশ কৰা মতে দুৰ্ভগীয়া সিন্থিয়াৰ বয়স ১৯বছৰ হ’লেও তেওঁৰ মগজু সিমান পৰিপক্ক নাছিল। ১২বছৰীয়া কিশোৰীৰ দৰেহে চিন্তা কৰিব পাৰিছিল সিন্থিয়াই। আৰক্ষীয় প্ৰকাশ কৰা মতে ব্ৰাহ্মৰ আৰু ১৬বছৰীয়া কেডেন মেকেলটন্সে সিন্থিয়াক ফুচুলাই নিজান ঠাইলৈ লৈ যায়।

    চিল্মিলৰক একেৰাহে পঠিয়াই আছিল ফটো আৰু ভিডিঅ’

    আৰক্ষী বিষয়াসকলৰ মতে ব্ৰাহ্মৰে এই সমগ্ৰ ঘটনাক্ৰমত চিল্মিলৰক হাফমেনৰ স্নেপচেট ফটো আৰু ভিডিঅ’ পঠিয়াই আছিল।

    ছজন অভিযুক্তকে দোষী ঘোষণা আদালতৰ

    যোৱা শুকুৰবাৰে গ্ৰেণ্ড জুৰীয়া আটাইকেইজন অভিযুক্তকে দোষী ঘোষণা কৰে।

    শেহতীয়া বাতৰি