চাৰ্জত লগাই মূৰৰ কাষত ম’বাইল লৈ শুই আছিল, বিস্ফোৰণ হৈ মৃত্যু কিশোৰীৰ

মোবাইল বিস্ফোৰণৰ ফলত গুৰুতৰ আঘাত পোৱা বাবেই কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে।

News18-Assam
Updated:October 1, 2019, 6:56 PM IST
চাৰ্জত লগাই মূৰৰ কাষত ম’বাইল লৈ শুই আছিল, বিস্ফোৰণ হৈ মৃত্যু কিশোৰীৰ
সাংকেতিক ফটো (Credit: Reuters)
News18-Assam
Updated: October 1, 2019, 6:56 PM IST
মোবাইলটো চাৰ্জত লগাই মূৰৰ কাষতে লৈ গান শুনি শুনি শুই গৈছিল কিশোৰীগৰাকী। পিছদিনা পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকী। মূৰৰ ওচৰতে পৰি আছিল বিস্ফোৰণ হোৱা ফোনটো। ঘটনাটো সংঘটিত হৈছে কাজাখাস্তানৰ বাষ্ট’বেত।

মৃত কিশোৰীগৰাকী ১৫ বছৰীয়া আলুৱা আছেটকিজি আবজালবেক। আৰক্ষীয়ে জনোৱা অনুসৰি, কিশোৰীগৰাকীৰ মোবাইলটো বৈদ্যুতিক ব’ৰ্ডৰ সৈতে সংলগ্ন হৈ আছিল। মোবাইল বিস্ফোৰণৰ ফলত গুৰুতৰ আঘাত পোৱা বাবেই কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে।

পৰিয়ালক লোকে চিকিৎসকক খবৰ দিছিল যদিও চিকিৎসক উপস্থিত হৈ মৃত ঘোষণা কৰে কিশোৰীগৰাকীক। ফৰেনছিক বিশেষজ্ঞই নিশ্চিত কৰে যে পুৱতিনিশা চাৰ্জ দি থোৱা ম’বাইলটো অত্যধিক গৰম হৈ বিস্ফোৰণ ঘটিছিল। বিস্ফোৰিত হোৱা স্মাৰ্ট ফোনটো কোন কোম্পানীৰ আছিল সেয়া জানিব পৰা হোৱা নাই।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি