নাবালক ছাত্ৰক যৌন সম্পৰ্কৰ বাবে হেঁচা, নগ্ন ছবি পঠিয়াই ছাত্ৰক নিৰ্যাতন চলোৱা শিক্ষয়িত্ৰী জালত

News18 Assam | News18-Assam
Updated:January 14, 2020, 12:37 PM IST
নাবালক ছাত্ৰক যৌন সম্পৰ্কৰ বাবে হেঁচা, নগ্ন ছবি পঠিয়াই ছাত্ৰক নিৰ্যাতন চলোৱা শিক্ষয়িত্ৰী জালত
Photo : News18 Bangla

ছাত্ৰজনৰ পৰা জানিব পৰা গৈছে যে শিক্ষয়িত্ৰীগৰাকীয়ে দিনটো নগ্ন ফটো আৰু মেছেজ প্ৰেৰণ কৰিছিল। অৱশেষত সকলো পোহৰলৈ অহাত গ্ৰেপ্তাৰ কৰা হয় শিক্ষয়িত্ৰীগৰাকীক।

  • Share this:
এগৰাকী ২৮ বছৰীয়া শিক্ষয়িত্ৰী। নিজৰ যৌন ক্ষুদ্ধা নিবাৰণৰ বাবে এটি ১৬ বছৰীয়া কিশোৰৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল এই শিক্ষয়িত্ৰীগৰাকীয়ে। দিনৰ পিছত দিন ধৰি নাবালক ছাত্ৰজনৰ ওপৰত চলিছিল শিক্ষয়িত্ৰীগৰাকীৰ নিৰ্যাতন। জোৰ–জুলুমকৈ নাবালক ছাত্ৰজনক যৌন সম্পৰ্কৰ বাবে বাধ্য কৰাইছিল শিক্ষয়িত্ৰীগৰাকীয়ে। ইমানেই নহয়, নিজৰ নগ্ন ছবি আৰু পৰ্ণ ভিডিঅ’ও যেতিয়াই তেতিয়াই ছাত্ৰজনৰ ম’বাইললৈ পঠিয়াইছিল শিক্ষয়িত্ৰীগৰাকীয়ে।

২০১৯ চনৰ ১ অক্টোবৰৰ পৰা চলিত বছৰৰ ১১ জানুৱাৰীলৈ একাধিকবাৰ ছাত্ৰজনৰ সৈতে যৌন সম্পৰ্কত লিপ্ত হৈছিল শিক্ষয়িত্ৰীগৰাকী। শিক্ষয়িত্ৰীগৰাকীৰ নাম আনা এলিজাবেথ পেটেন। অৱশেষত আৰক্ষীৰ জালত পৰিল শিক্ষয়িত্ৰীগৰাকী।

আৰক্ষীৰ মতে, আনাৰ মোবাইলত ছাত্ৰজনক যৌন উত্তেজনামূলক মেছেজো পঠিয়াইছিল শিক্ষয়িত্ৰীগৰাকীয়ে। ছাত্ৰজনৰ পৰা জানিব পৰা গৈছে যে শিক্ষয়িত্ৰীগৰাকীয়ে দিনটো নগ্ন ফটো আৰু মেছেজ প্ৰেৰণ কৰিছিল। অৱশেষত সকলো পোহৰলৈ অহাত গ্ৰেপ্তাৰ কৰা হয় শিক্ষয়িত্ৰীগৰাকীক। শিক্ষয়িত্ৰীগৰাকীৰ সৈতে যৌন সম্পৰ্কৰ কথা স্বীকাৰ কৰিছে ছাত্ৰজনেও।
আৰু চাওক
পৰৱৰ্তী বাতৰি