৭ বছৰৰ পূৰ্বে মৃত পিতৃক ঘৰৰ সন্মুখত দেখা পালে যুৱকে... সপোন নহয়, বাস্তৱৰ এই ঘটনাক লৈ তোলপাৰ ছচিয়েল মিডিয়া

লোকজনৰ পোষ্টটো দেখি বহুলোক আবেগিক হৈ পৰে। ছচিয়েল মিডিয়াত শ্ৱেয়াৰ কৰা পোষ্টটোত ৬ লাখ ৯১ হাজাৰতকৈ অধিক লাইক আহিছে।
লোকজনৰ পোষ্টটো দেখি বহুলোক আবেগিক হৈ পৰে। ছচিয়েল মিডিয়াত শ্ৱেয়াৰ কৰা পোষ্টটোত ৬ লাখ ৯১ হাজাৰতকৈ অধিক লাইক আহিছে।
- News18 Assam
- Last Updated: January 13, 2021, 9:54 AM IST
ল'ক ডাউনত ঘৰত বহি বহুলোকেই বিৰক্তি অনুভৱ কৰিছিল। কাম-কাজ নথকাত গোটেই দিন ঘৰতে বহি কটাবলগীয়া হৈছিল। এই অৱসৰ মুহূৰ্ত পাৰ কৰিবলৈ বহুলোকে চিনেমা চাই, বন্ধুৰ সৈতে ভিডিঅ ক'ল কৰি পাৰ কৰিছিল সময়। কোনোৱে কোনোৱে শিকিছিল ৰন্ধা বঢ়া। কোনোৱে Google Earthৰ জৰিয়তে নতুন নতুন ঠাইৰ সৈতে চিনাকী হৈছিল। কিন্তু ভাৰ্চুৱেলী নিজৰ পুৰণি ঘৰখন চোৱাৰ সময়তে জাপানৰ এজন লোক আৱেগিক হৈ পৰে। চকুত পৰে পুৰণি দিনৰ স্মৃতি।
@TeacherUFO নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে জনাইছে যে, Google Earthত তেওঁ পিতৃৰ ফটো দেখা পাইছে। ঘৰৰ ওচৰত ৰৈ আছিল পিতৃ। হয়টো তেওঁৰ মাকৰ বাবে অপেক্ষা কৰিছে পিতৃয়ে। মৃত্যুৰ সাত বছৰ পিছত দেউতাকক দেখি অৱশ্যেই আৱেগিক হৈ পৰে লোকজন।
コロナでやる事ないからGoogleEarthで実家見に行ったら7年前に死んだ親父が写ってた。その先に人が居たから見に行ったら母ちゃんだった。一服しながら奥さんの帰りを待ってたんだな。無口だけど優しい親父だった。このままこの場所の写真更新しないで欲しいな。 pic.twitter.com/PXxBICAxmz
— タムチンキ (@TeacherUfo) January 4, 2021
লোকজনৰ পোষ্টটো দেখি বহুলোক আবেগিক হৈ পৰে। ছচিয়েল মিডিয়াত শ্ৱেয়াৰ কৰা পোষ্টটোত ৬ লাখ ৯১ হাজাৰতকৈ অধিক লাইক আহিছে।