ডিভাইচটোৰ নাম টেষ্ট দ্যা টিভি Taste the TV (TTTV)। এই টিভিয়ে খাদ্যৰ সোৱাদ নকল কৰে।
ডিভাইচটোৰ নাম টেষ্ট দ্যা টিভি Taste the TV (TTTV)। এই টিভিয়ে খাদ্যৰ সোৱাদ নকল কৰে।
টিভিৰ স্ক্ৰীণত চেলেকী সোৱাদ লওক খাদ্য-বস্তুৰ। জাপানৰ এগৰাকী অধ্যাপকে ডেভেলপ কৰিছে এক আচৰিত প্ৰযুক্তিৰে নিৰ্মিত টেলিভিচন। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, টেলিভিচনটো নিৰ্মাণ কৰোতে সমগ্ৰ বিশ্বৰ বিভিন্ন ব্যঞ্জনৰ সোৱাদ লবলৈ এক বিশেষ কেমিকেল ব্যৱহাৰ কৰিছে।
ডিভাইচটোৰ নাম টেষ্ট দ্যা টিভি Taste the TV (TTTV)। এই টিভিয়ে খাদ্যৰ সোৱাদ নকল কৰে। টিভিৰ সমুখত কোৱা সুৱাদ টিভি স্ক্ৰীণত চটিয়াই দিয়া হয় আৰু ইয়াৰ সুৱাদ লব পাৰি। ইয়াত ১০টা ফ্লেভাৰ্ড কেনিষ্টাৰৰ কেৰোচেল ব্যৱহাৰ কৰা হৈছে যি এক বিশেষ আহাৰৰ সোৱাদ প্ৰস্তুত কৰিবলৈ মিশ্ৰণটো স্প্ৰে কৰে। খাদ্য পৰীক্ষাটো তাৰ পিছত ফ্লেট টিভি স্ক্ৰীণলৈ ঘূৰাই দিয়া হয়।
মিজি বিশ্ববিদ্যালয়ৰ অধ্যাপক হোমি মিয়াশিতাই কৈছে যে, কোৰোণাৰ সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্ববাসী ঘৰতে বন্দী। গতিকে এনেসময়ত এই টিভিয়ে বাহিৰৰ পৃথিৱীখনৰ সৈতে জনসাধাৰণক সংযোগ কৰাত সহায় কৰিব।
৩০ জনীয়া শিক্ষাৰ্থীৰ এটা দলৰ সৈতে কাম কৰা অধ্যাপকজনে একাধিক সোৱাদ সম্পৰ্কীয় সামগ্ৰী বিকশিত কৰিছে যাৰ ভিতৰত আছে এটা ফৰ্ক। যি খাদ্যৰ সোৱাদ উন্নত কৰাত সহায় কৰিব বুলি ধাৰণা কৰা হয়।
মিজি বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰই এই টিভি স্ক্ৰীণৰ টেষ্ট লৈছিল। টিভি স্ক্ৰীণৰ সন্দৰ্ভত কোৱা মতে, তেওঁ মিঠা চকলেটৰ সোৱাদ লবলৈ বিচাৰিছিল। কিছুসময়ৰ পিছতে য়ুকীৰ কামাণ্ড দিয়া হয় আৰু ফ্লেভাৰ জেটে স্ক্ৰীণত স্প্ৰে কৰে। আৰু সোৱাদ গাখীৰৰ চকলেটৰ দৰে হৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|