• Home
  • »
  • News
  • »
  • world
  • »
  • Taslima Nasrin on Porimoni: ‘পৰীমণিক ৰিমাণ্ডত ধৰ্ষণ কৰা হোৱা নাইতো?’ – অভিনেত্ৰী হৈ পুনৰ সৰৱ তছলিমা নাছৰিন

Taslima Nasrin on Porimoni: ‘পৰীমণিক ৰিমাণ্ডত ধৰ্ষণ কৰা হোৱা নাইতো?’ – অভিনেত্ৰী হৈ পুনৰ সৰৱ তছলিমা নাছৰিন

ৰিমাণ্ডত পৰীমণি নিৰাপদে আছে নে নাই তাক লৈ প্ৰশ্ন তুলিলে তছলিমা নাছৰিনে।

ৰিমাণ্ডত পৰীমণি নিৰাপদে আছে নে নাই তাক লৈ প্ৰশ্ন তুলিলে তছলিমা নাছৰিনে।

ৰিমাণ্ডত পৰীমণি নিৰাপদে আছে নে নাই তাক লৈ প্ৰশ্ন তুলিলে তছলিমা নাছৰিনে।

  • Share this:
পুনৰ বাংলাদেশৰ অভিনেত্ৰী পৰীমণি (Porimoni)ৰ হৈ ফেচবুকত প্ৰশ্ন তুলিলে লেখিকা তছলিমা নাছৰিনে (Taslima Nasrin)।  মাদক দ্ৰব্যৰ গোচৰত গ্ৰেপ্তাৰ হৈছে অভিনেত্ৰী পৰীমণি। তছলিমাই এইবাৰ প্ৰশ্ন তুলিলে, ৰিমাণ্ডত পৰীমণিক ধৰ্ষণ বা শাৰীৰিক নিৰ্যাতন কৰা হোৱা নাইতো? এই বিষয়ক লৈ ফেচবুকত এটা দীঘলীয়া পোষ্ট কৰিছে তছলিমা নাছৰিনে।

তছলিমাই পোষ্টটোৰ আৰম্ভণিতে কয়, পৰীমণিয়ে বেছিভাগ ছোৱালীৰ দৰেই ভুল মানুহৰ প্ৰেমত পৰিছে। তেওঁ লিখিছে, "পৰীমণি সমাজৰ বেছিভাগ ছোৱালীৰ দৰেই ভুল মানুহৰ প্ৰেমত পৰিছে। এজন সাংবাদিকৰ প্ৰেমত পৰিছিল আৰু ঘোষণা কৰিছিল যে তেওঁৰ সৈতেই বিয়া হ’ব। শেষ মুহূৰ্তত, তেওঁ বিবাহ ভাঙিবলৈ বাধ্য হৈছিল। কিয়নো সাংবাদিকজনে পৰীমণিৰ চিনেমাক নিন্দা কৰিছিল, তেওঁক চিনেমা কৰাত বাধা দিছিল। পৰীমণিয়ে এনে এজন মানুহক বিয়া নকৰাৰ সিদ্ধান্ত লৈ ভাল কৰিছিল। এজন পৰিচালকে তাইক বিয়াৰ প্ৰস্তাৱ দিছিল, তাই এটা নিশাৰ চিনাকিতে বিয়া কৰাইছিল, পিছদিনা হুচ আহিছিল।। এই মানুহজন সুবিধাজনক নাছিল। অৱশেষত তেওঁ এৰিবলৈ বাধ্য হৈছিল।"

পৰীমণিৰ সৈতে সম্প্ৰতি সম্পৰ্ক গঢ় লৈ উঠিছিল আৰক্ষী বিষয়া গোলাম ছাকলায়ে। অভিনেত্ৰীগৰাকীৰ লগতে তেওঁ এতিয়া খবৰৰ শিৰোনামত। তেওঁৰ বিষয়ে তছলিমাই লিখিছে, ‘‘সুদৰ্শন এজন আৰক্ষী বিষয়াৰ প্ৰেমত সঁহাৰি দিছিল। বিষয়াজনে কৈছিল, তেওঁ অবিবাহিত। পিছত যেতিয়া জানিব পাৰিলে যে তেওঁ বিবাহিত, পৰীমণিয়ে এৰি গুচি আহে। ছোৱালী, তাতে সুন্দৰী, তেওঁক কিমান ধৰণে পুৰুষসকলে এক্সপ্লয়েট কৰে!’’

আনকি ৰিমাণ্ডতো পৰীমণি নিৰাপদে আছে নে নাই তাক লৈ প্ৰশ্ন তুলিলে তছলিমা নাছৰিনে। তেওঁ লিখিছে, ‘‘এই যে তেওঁক ৰিমাণ্ডত নিছে দিনৰ পিছত দিন ধৰি, শুনিছো ৰিমাণ্ডত মানুহক প্ৰচণ্ড নিৰ্যাতন চলোৱা হয়। ৰিমাণ্ডত নি পৰীমণিক মানসিক নিৰ্যাতনতো চলোৱা হৈছেই, শাৰীৰিক নিৰ্যাতন চলোৱা হোৱা নাইতো? ধৰ্ষণ কৰা হোৱা নাইতো?’’

ইমানতে শেষ নহয়। আন এটা পোষ্টত বাংলাদেশৰ আইন কানুনক লৈও মন্তব্য কৰিছে লেখিকাগৰাকীয়ে। তছলিমাই লিখিছে, ‘‘বাংলাদেশৰ দৰে চৰম সভ্য দেশত ক্ৰিমিনেলৰ ইমান অভাৱ, দুৰ্নীতিৰ ইমানেই অভাৱ, লুটপাত ধৰ্ষণ আৰু হত্যা আদি ঘটনাৰ ইমান অভাৱ যে এগৰাকী কম বয়সীয়া শিল্পীক আটাইতকৈ ভয়ংকৰ অপৰাধী হিচাপে চিহ্নিত কৰা হৈছে। তেওঁৰ অপৰাধ কি? তেওঁৰ ঘৰত পাৰ্টী হয়, তেওঁ মদ খায়, তেওঁ গৰীবৰ পৰা ধনী হৈছে, কিছু লোকৰ সৈতে পৰিচয় আছিল, কোনোৱে তেওঁৰ প্ৰেমত পৰিছিল, কোনোৱে গাড়ী উপহাৰ দিছে (অৱশ্যে এদিনৰ বাবে যিখন গাড়ী তেওঁ শ্ব’ৰুমৰ পৰা আনিছিল টেষ্ট ড্ৰাইভিঙৰ বাবে, টকা দিবলৈ অক্ষম বুলি সেইখন শ্ব’ৰুমে ঘূৰাই লৈ গৈছে।) ধৰ ধৰ মাৰ মাৰ আৰম্ভ হৈ গৈছে। অসহায় ছোালীজনীক জীৱন্তে কবৰ দিছে দেশৰ বিয়াগোম বিয়াগোম মহাপুৰুষসকলে।’’
Published by:Sanjay Kumar Das
First published: