নিউজ চেনেলৰ ব্যতিক্ৰমী প্ৰয়াস, নাৰী দিৱসৰ দিনা বাতৰি পঢ়াৰ দায়িত্ব দিলে ট্ৰেন্সজেণ্ডাৰ ব্যক্তিক

News18 Assam | News18-Assam
Updated:March 8, 2021, 10:22 PM IST
নিউজ চেনেলৰ ব্যতিক্ৰমী প্ৰয়াস, নাৰী দিৱসৰ দিনা বাতৰি পঢ়াৰ দায়িত্ব দিলে ট্ৰেন্সজেণ্ডাৰ ব্যক্তিক
টছনোভাই আন প্রাৰ্থীৰ দৰে সাক্ষাৎকাৰত বহি যোগ্যতাৰ ভিত্তিত এই কাম পাইছে বুলি তেওঁক নিয়োগ কৰা সংবাদ প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে।

টছনোভাই আন প্রাৰ্থীৰ দৰে সাক্ষাৎকাৰত বহি যোগ্যতাৰ ভিত্তিত এই কাম পাইছে বুলি তেওঁক নিয়োগ কৰা সংবাদ প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে।

  • Share this:
বাংলাদেশৰ টেলিভিছনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বাতৰি পৰিবেশন কৰিলে এগৰাকী ট্ৰেন্সজেণ্ডাৰ ব্যক্তিয়ে। দেশখনৰ ব্যক্তিগত বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠান বৈশাখী টিভিয়ে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা নিউজ এংকৰ হিচাপে নিয়োজিত কৰিলে টছনোভা আনন শিশিৰক। নাৰী দিৱসৰ দিনাই টছনোভাৰ প্ৰথমটো নিউজ বুলেটিন সম্প্ৰচাৰ হোৱাৰ পিছতো তেওঁ হৈ পৰিল দেশখনৰ প্ৰথম গৰাকী ট্ৰেন্সজেণ্ডাৰ নিউজ এংকৰ।

বাংলাদেশৰ এটা সংবাদ প্ৰতিষ্ঠানক টছনোভাই কয় – “মই কিমান সুখী সেয়া ভাষাৰে প্রকাশ কৰিব নোৱাৰো। সমাজে আমাৰ ট্ৰেন্সজেণ্ডাৰ লোকসকলক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। পদে-পদে আমি ঠাট্টা মস্কৰাৰ সন্মুখীন হওঁ। মোৰ এই সাফল্যই সেইসকল লোকক অনুপ্ৰেৰণা যোগাব।’’

টছনোভাই আন প্রাৰ্থীৰ দৰে সাক্ষাৎকাৰত বহি যোগ্যতাৰ ভিত্তিত এই কাম পাইছে বুলি তেওঁক নিয়োগ কৰা সংবাদ প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে। উল্লেখযোগ্য যে, টছনোভা পূৰ্বৰে পৰা ফেশ্বন উদ্যোগৰ সৈতে জড়িত হৈ আছিল আৰু বহু কেইখন ছবিত অভিনয় কৰিছে।
Published by: Sanjay Kumar Das
First published: March 8, 2021, 10:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি