টেম নামৰ গঁড়টো আছিল মালয়েছিয়াৰ সুমাত্ৰাত পোৱা অন্তিমটো গঁড়। দীঘলীয়া অসুস্থতাৰ পিছত গঁড়টোৰ মৃত্যু ঘটাত এতিয়া কেৱল গঁড়ৰ প্ৰজাতিটোৰ ইমান নামৰ মাইকী গঁড়জনীহে বাকী ৰৈছেগৈ। লগৰীয়া নোহোৱাকৈ এতিয়া এই প্ৰজাতিৰ বংশবৃদ্ধিৰ দুৱাৰখন চিৰকাললৈ বন্ধ হৈ গ’ল। এটা প্ৰজাতিৰ কফিনত অন্তিমটো গজাল পৰিল!
যোৱা এপ্ৰিল মাহৰ পৰাই অসুস্থ হৈ আছিল টেম, দুৰ্বল হৈ পৰা ৩০বছৰীয়া গঁড়টোৱে ২৭ মে’ সোমবাৰে অন্তিম নিশ্বাস ত্যাগ কৰে। সাবাহৰ টাবিন বন্যপ্ৰাণী ৰিজাৰ্ভত ২০০৮চনৰ পৰা মৃত্যুপৰ্যন্ত আছিল টেম।

আমি আজি সুমাত্ৰাৰ অন্তিমটো জীৱিত মতা গঁড় টেমক চিৰবিদায় জনাইছো। কেৱল এটা প্ৰাণীৰ মৃত্যুয়ে নহয় এটা প্ৰজাতি শেষ হৈ যোৱাৰ বাবে আমি অত্যন্ত শোকস্তব্ধ।
ডব্লিউ ডব্লিউ এফ মালয়েছিয়াই ফেচবুকত লিখে।
অত্যন্ত বিৰল প্ৰজাতিৰ সুমাত্ৰাৰ গঁড়ৰ অন্তিমটো বংশধৰৰ মৃত্যু আৰু অসুস্থতাৰ সঠিক কাৰণ নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই যদিও বয়সৰ কাৰণে লিভাৰ আৰু কিডনী ৰোগগ্ৰস্ত হৈ পৰাকে চিকিৎসকে টেমৰ মৃত্যুৰ কাৰণ আখ্যা দিছে। উল্লেখযোগ্য যে সুমাত্ৰাৰ গঁড়ৰ গড় জীৱনকাল ৩৫–৪০বছৰৰ ভিতৰত।
সুমাত্ৰাৰ গঁড়ৰ প্ৰজাতিক ২০১৫চনত মালয়েছিয়াত বিলুপ্ত আখ্যা দিয়া হৈছিল। টেম জীয়াই থকাৰ কাৰণে প্ৰজাতিটো সংৰক্ষণৰ কিছু ক্ষীণ আশা পুহি ৰাখিছিল বন্যপ্ৰাণী সংৰক্ষকসকলে।
দুৰ্ভাগ্যজনকভাৱে টেমৰ বীৰ্য কৃত্ৰিমভাৱে আন দুজনী মাইকী গঁড়ৰ গৰ্ভত আইভিএফ ব্যৱস্থাৰে সংৰোপণৰ চিকিৎসকলৰ প্ৰয়াস ব্যৰ্থ হয়। ২০১৪চনত নিজৰ সংৰক্ষণলৈ অনা ইমান আৰু ২০১১চনত জিম্মাত লোৱা পানটাঙ নামৰ মাইকী গঁড় দুজনীৰ পৰা নতুনকৈ পোৱালী জন্ম দিয়াৰ আশা মৰহি যায়।
২০১৭চনত কৰ্কট ৰোগত আক্ৰান্ত পানটাঙক গুলীয়াই হত্যা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মালয়েছিয়াত এতিয়া নিজৰ প্ৰজাতিৰ একমাত্ৰ জীৱিত গঁড় ইমান।
সুমাত্ৰাৰ বাহিৰে আন ঠাইত মিলাই কেৱল ৮০টা মানহে গঁড় মালয়েছিয়াৰ বিভিন্ন ঠাইত বাকী ৰৈছেগৈ। বসতিৰ অভাৱ আৰু চোৰাং চিকাৰীৰ উপদ্ৰৱৰ কাৰণে বিলুপ্ত হৈ পৰিছে বিৰল প্ৰাণীবিধ।
বন্যপ্ৰেমীসকলে এতিয়াও আশা কৰি আছে যে হয়তো ইমানৰ গৰ্ভত কৃত্ৰিমভাৱে অন্য গঁড়ৰ বীজ সংৰোপণ কৰি প্ৰজাতিটো ৰক্ষা কৰিব পৰা যাব। কিন্তু সেই আশা যথেষ্ট ক্ষীণ।
Published by: Tulika Devi
FIRST PUBLISHED : May 28, 2019, 20:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।