প্ৰশিক্ষণৰ সময়তে চাৰ্কাছৰ ৰিং মাষ্টৰক হত্যা কৰি শৱৰ সৈতে বাঘৰ খেলা

চাৰিটা বাঘক প্ৰশিক্ষণ দি থকাৰ সময়ত ৬১বছৰীয়া এট’ৰ ৱেবাৰক বাঘে হত্যা কৰে। 

news18
Updated:July 6, 2019, 7:36 PM IST
প্ৰশিক্ষণৰ সময়তে চাৰ্কাছৰ ৰিং মাষ্টৰক হত্যা কৰি শৱৰ সৈতে বাঘৰ খেলা
প্ৰতীকাত্মক ছবি
news18
Updated: July 6, 2019, 7:36 PM IST
বিশ্বৰ আটাইতকৈ ডাঙৰ ৰিং মাষ্টৰজনক বাঘে হত্যা কৰি শৱৰ সৈতে খেলা কৰা ঘটনাই সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইটালীৰ চাৰ্কাছ সিৰকো ঔৰফিত বিশ্বৰ আটাইতকৈ বিখ্যাত ৰিং মাষ্টৰক চাৰিটাকৈ বাঘে হত্যা কৰে। ৬১বছৰীয়া এট’ৰ ৱেবাৰে পৰৱৰ্তী শ্ব’ৰ কাৰণে বাঘ চাৰিটাক প্ৰশিক্ষণ দি আছিল আৰু সেই সময়তে হিংস্ৰ ৰূপ ধাৰণ কৰি বাঘে ৱেবাৰক আক্ৰমণ কৰি হত্যা কৰে। প্ৰথমে এটা বাঘে তেওঁৰ ওপৰত জঁপিয়াই পৰে, তাৰ পিছতে আন তিনিটা বাঘেও ৱেবাৰক আক্ৰমণ কৰে। মৃত্যুৰ পিছতো বাঘে তেওঁৰ শৰীৰটো নেফা নেফ কৰে। আধাঘণ্টা লৈকে ৱেবাৰৰ মৃতদেহৰ সৈতে খেলা কৰি থাকে বাঘ চাৰিটাই।

ঘটনাৰ সময়ত ৰিং মাষ্টৰ জনৰ সহযোগী আৰু কেইবাজনো সহযোগীও উপস্থিত আছিল। তেওঁক ৰক্ষা কৰিবলৈ কৰা সকলো চেষ্টা ব্যৰ্থ হয়। কি কাৰণ হঠাৎ বাঘে উগ্ৰ মূৰ্তি ধাৰণ কৰিলে সেয়া জানিব পৰা হোৱা নাই। ঘটনাৰ পিছতে এটা বাঘক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি