• Home
  • »
  • News
  • »
  • world
  • »
  • Afghanistan: তালিবান প্ৰশাসনে চলাই আছে টাৰ্গেট কিলিং, আমেৰিকাসহ ২২ দেশৰ সকীয়নি

Afghanistan: তালিবান প্ৰশাসনে চলাই আছে টাৰ্গেট কিলিং, আমেৰিকাসহ ২২ দেশৰ সকীয়নি

তালিবান চৰকাৰে চাৰি মাহৰ ভিতৰত ১০০তকৈও অধিক চৰকাৰী বিষয়াক অপহৰণ তথা মৃত্যুদণ্ড দিয়াৰ অভিযোগ

তালিবান চৰকাৰে চাৰি মাহৰ ভিতৰত ১০০তকৈও অধিক চৰকাৰী বিষয়াক অপহৰণ তথা মৃত্যুদণ্ড দিয়াৰ অভিযোগ

তালিবান চৰকাৰে চাৰি মাহৰ ভিতৰত ১০০তকৈও অধিক চৰকাৰী বিষয়াক অপহৰণ তথা মৃত্যুদণ্ড দিয়াৰ অভিযোগ

  • Share this:

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য মিত্ৰশক্তিয়ে তালিবানক প্ৰাক্তন আফগান নিৰাপত্তা বাহিনীক লক্ষ্য কৰা বন্ধ কৰিবলৈ আহ্বান জনাইছে।


এক যুটীয়া বিবৃতিত কোৱা হৈছে যে ২২খন দেশে দাবী (22 nations demanded in a joint statement) কৰিছে যে ইছলামবাদী গোট তালিবানে ইয়াৰ পূৰ্বৰ চৰকাৰ বা নিৰাপত্তা কৰ্মীসকলৰ (government or security personnel) ক্ষতি নকৰাৰ প্ৰতিশ্ৰুতিক সন্মান কৰিব। বিবৃতিটোত কোৱা হৈছে- 'মূলতঃ হত্যা আৰু বলপূৰ্বক নিৰুদ্দেশ হোৱাৰ প্ৰতিবেদনৰ বিষয়ে আমি গভীৰভাৱে চিন্তিত।'


উল্লেখ্য, হিউমেন ৰাইটছ ৱাচ (Human Rights Watch)ৰ এক প্ৰতিবেদন এই সপ্তাহৰ আৰম্ভণিতে প্ৰকাশ কৰা হৈছিল। প্ৰতিবেদন অনুসৰি, তালিবান চৰকাৰে চাৰি মাহৰ ভিতৰত ১০০তকৈও অধিক চৰকাৰী বিষয়াক অপহৰণ তথা মৃত্যুদণ্ড দিয়াৰ অভিযোগ পঞ্জীয়ন কৰা হৈছিল।


তদুপৰি, তালিবান (Taliban)ৰ ওচৰত আত্মসমৰ্পণ কৰা বন্দী ৪৭গৰাকী আফগান নিৰাপত্তা বাহিনীৰ সদস্যৰ হত্যাও নথিভুক্ত কৰা হৈছে। অথচ তালিবানে আশ্বাস দিছিল যে পূৰ্বৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষতি নহ'ব। কিন্তু হত্যা আৰু অপহৰণ বন্ধ হোৱা নাই।


চমু বিবৃতিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা প্ৰকাশ কৰা হৈছে আৰু যুক্তৰাজ্য, ইউৰোপীয় ইউনিয়নকে ধৰি আন ১৯খন দেশৰ দ্বাৰা স্বাক্ষৰিত এই বিবৃতি। প্ৰতিবেদনখনত ন্যায় বহিৰ্ভূত হত্যা আৰু বলপূৰ্বক অপহৰণৰ সম্পূৰ্ণ তদন্তৰ বাবে আহ্বান জনোৱা হৈছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি