আমেৰিকান সেনা যাবলৈ ওলোৱাৰ সময়তে তালিবানে সমগ্ৰ আফগানিস্তানত শক্তি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। আফগানিস্তানৰ বেছিভাগ চহৰ এতিয়া তালিবানৰ নিয়ন্ত্ৰণত আছে। তালিবান সাংস্কৃতিক আয়োগে শেহতীয়াকৈ সেই চহৰসমূহৰ ধৰ্মীয় নেতাসকলক এটা নিৰ্দেশনা জাৰি কৰিছে। যিয়ে পুনৰ আশংকা নমাই আনিছে দেশখনৰ নাৰীসমাজলৈ।
এই নিৰ্দেশনাত কোৱা হৈছে– "তালিবান যোদ্ধাসকলে বিয়া কৰাবলৈ প্ৰস্তুতি চলি আছে। সেইকাৰণে আমি কইনা বিচাৰো। অৱস্থা, কইনাসকল ১৫ বছৰৰ অধিক বয়সৰ যুৱতী হ'ব লাগিব বা যদি বিধৱা হয় তেন্তে ৪৫ বছৰৰ তলৰ হ'ব। তেওঁলোকক তালিবান যোদ্ধাই বিয়া কৰাব।'
এই বাতৰিটোৱে আন্তৰ্জাতিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে, তালিবানে ইৰাণ, পাকিস্তান, উজবেকিস্তান আৰু তাজিকিস্তানৰ সীমান্তৱৰ্তী কেইবাটাও অঞ্চল দখল কৰিছে বুলি জানিব পৰা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো বাহিনীয়ে দেশখনৰ পৰা সেনা প্ৰত্যাহাৰ কৰা কথা ঘোষণা কৰাৰ পিছতে তালিবানে ঘোষণা কৰিছিল যে দেশখনৰ ৮০ শতাংশ তেওঁলোকৰ দখলত আছে।
The Taliban Cultural Commission asks local leaders to present them with a list of Afghanistani girls above 15 & widows under 45. The Commission promises them to be married into fighters & transported to Vaziristan (Pakistan) where they will be converted to Islam and reintegrated. pic.twitter.com/JO7X9v1rrG
— جاوید احوَر/ Javeed Ahwar (@JaveedAhwar) July 11, 2021
তালিবান শাসন ইতিমধ্যে তাত আৰম্ভ হৈছে। আফগানিস্তানৰ টাখৰ অঞ্চলৰ মহিলাসকলক তেওঁলোকৰ স্বামী অবিহনে ঘৰ এৰিবলৈ নিষেধ কৰা হৈছে। ফতোৱা জাৰি কৰা হৈছে যে কেৱল পুৰুষেহে টকা উপাৰ্জন কৰিব পাৰে। তালিবানৰ বৰ্তমানৰ আদেশে অভিভাৱকসকলক ভয়তে কঁপাই তুলিছে। তেওঁলোকে আশংকা কৰিছে যে এইবাৰ ঘৰৰ যুৱতীসকলক তালিবান উগ্ৰপন্থীয়ে বলপূৰ্বক লৈ যাব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|