আফগানিস্তানৰ ধৰ্মীয় ৰাজধানী হিচাপে খ্যাত মাজাৰ-ই-শ্বৰীফ দখল কৰাৰ বাবে হাজাৰ হাজাৰ তালিবানী সন্ত্ৰাসবাদী অগ্ৰসৰ হৈছে। বৰ্তমান তালিবানীয়ে আফগানিস্থানৰ ৰাজধানী কাবুল দখল কৰাতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে। ইতিমধ্যে দেশখনৰ ৪খন প্ৰান্তীয় ৰাজধানী নিজৰ দখললৈ নিয়াৰ কথা তালিবানে ঘোষণা কৰিছে। কিন্তু আমেৰিকান সেনাই সহায়ৰ হাত আগবঢ়োৱাৰ পিছত ৰণক্ষেত্ৰত অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে আফগান সেনাই।
বিগত দিনকেইটাত তালিবানক ৰুধিব নোৱাৰাৰ বাবেই দেশৰ জনগণৰ সমালোচনাৰ সন্মুখীনো হৈছিল আফগানিস্তানৰ প্ৰতিৰক্ষা বিভাগ। সেয়ে বৰ্তমান কাবুল আৰু মাজাৰ-ই-শ্বৰীফক ৰক্ষা কৰাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে আফগান সেনাই।
আজি পুৱাই দেশখনৰ চামতাল আৰু দিহদাদি জিলাত আমেৰিকান এয়াৰ ফ’ৰ্চে চলোৱা এয়াৰ ষ্ট্ৰাইকত লাভ কৰিছে বৃহৎ সফলতা। আমেৰিকান বায়ু সেনাৰ আক্ৰমণত নিহত হৈছে তালিবানৰ এগৰাকী দুধৰ্ষ কামাণ্ডাৰ মোল্লাহ নবী। এই সংঘৰ্ষত মোল্লাহ নবীৰ লগতে ১৮জন তালিবানী সন্ত্ৰাসবাদী নিহত হৈছে।
আনহাতে, মাজাৰ ই শ্বৰীফৰ দিশে অগ্ৰসৰ হোৱা তালিবানী সন্ত্ৰাসবাদীৰ ওপৰত চলোৱা আক্ৰমণত নিহত হৈছে তিনিশতাধিক তালিবানী সন্ত্ৰাসবাদী। বৰ্তমানেও আফগান সেনা আৰু আমেৰিকান বায়ু সেনাই তালিবানীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|