যিটো ভয় কৰা হৈছিল আফগানিস্তান (Afghanistan)ত তালিবান (Taliban )ৰ শাসনৰ পিছত সেয়া সঁচা হ'বলৈ গৈ আছে । তালিবানে আৰম্ভ কৰিবলৈ লৈছে দেশৰ শাস্তি মন্ত্ৰালয় অৰ্থাৎ তালিবানৰ কুখ্যাত 'সদাচাৰ বিভাগৰ মন্ত্ৰালয়' (Ministry of virtue and vice) পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো হৈছে সেই মন্ত্ৰালয় যি দেশত শ্বৰিয়া আইন (Sharia law) কাৰ্যকৰী কৰাৰ বাবে দায়বদ্ধ। আফগানিস্তানত আমেৰিকাৰ আক্ৰমণৰ পিছত ইয়াক বন্ধ কৰি দিয়া হৈছিল। কিন্তু এতিয়া তালিবানে ইয়াক পুনৰ আৰম্ভ কৰিবলৈ যো-জা কৰিছে। মহম্মদ খলিল এই মন্ত্ৰালয়ৰ মুৰব্বী হ'ব।
নিউয়ৰ্ক পোষ্টৰ বাতৰি মতে এই কুখ্যাত মন্ত্ৰালয়টো গঠন হোৱাৰ পিছত আফগানিস্তানৰ পৰিস্থিতি অধিক আৰু বেয়া হ'ব। ইয়াৰ জৰিয়তে, তালিবানে কঠোৰ শ্বৰিয়া আইন বলবৎ কৰিব। ই মহিলাসকলক (Afghan Women) পুৰুষ সঙ্গী অবিহনে ঘৰ এৰি যাবলৈ অনুমতি নিদিব। ইয়াৰ উপৰি মহিলাৰ বাবে সংগীত আৰু মনোৰঞ্জন (Music and Entertainment)ৰ সকলো মাধ্যম নিষিদ্ধ কৰা হ'ব। আফগানিস্তানৰ কেন্দ্ৰীয় মণ্ডলৰ মুৰব্বী মহম্মদ ইউছুফে (Mohammed Usuf) কয় যে আইনখন কাৰ্যকৰী কৰি ইছলাম (Islam)ৰ সেৱা কৰা হ'ব।
তালিবানে কৈছে শ্বৰিয়া আইন কেনেকুৱা হ'বআফগানিস্তানত কেনেকৈ অপৰাধৰ শাস্তি (Punishment of Crime) কি হ'ব সেই বিষয়ে অতি গৰ্বেৰে কয় তালিবানী নেতা মহম্মদ ইউচুফে। তেওঁ কয়, 'আমি ইছলামিক আইন (Islamic Law) অনুসৰি শাস্তি দিম। উদাহৰণ স্বৰূপে হত্যাৰ বেলেগ ধৰণে শাস্তিৰ বিধান কৰিছে তালিবানে। যদি কোনোবাই ইচ্ছাকৃতভাৱে কাৰোবাক হত্যা কৰে তেন্তে তেওঁক ৰাজহুৱা স্থানত হত্যা কৰা হ'ব। যদি কোনোবাই দুৰ্ঘটনাক্ৰমে কাৰোবাক হত্যা কৰে তেন্তে হত্যাকাৰীৰ পৰা মূল্য আদায়ৰ বাবে জৰিমনা বিহা হ'ব। যদি কোনোবাই চুৰি কৰে হাত কাটি পেলোৱা হ'ব, যদি কাৰোবাৰ অবৈধ সম্পৰ্ক থাকে তেওঁলোকক শিলগুটি দলিয়াই (Stone Pelting) মাৰি পেলোৱা হ'ব।' উল্লেখ্য যে পুৰ্বৰ তালিবান শাসনত (১৯৯৬ চনৰ পৰা ২০০১ চনলৈ) মহিলাসকলক বোৰ্খাত ঢাকি ৰখা হৈছিল আৰু পুৰুষ আত্মীয় অবিহনে বাহিৰলৈ যোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। প্ৰাৰ্থনাৰ সময় কঠোৰভাৱে প্ৰয়োগ কৰা হৈছিল আৰু পুৰুষসকলক দাঢ়ি দীঘল কৰিবলৈ আদেশ দিয়া হৈছিল।
মৰেল পুলিচ থাকিব মোতায়েননিউয়ৰ্ক পোষ্টৰ মতে এতিয়া প্ৰতিটো ৰাস্তা আৰু চাৰিআলিত মৰেল পুলিচ (Moral Police) মোতায়েন কৰা হ'ব। যিসকলে আইন ভংগ কৰে সেই অপৰাধীসকলক চাবুক, বেত আদিৰে মাৰিবলৈ, হাত-ভৰি কাটি পেলাবলৈ বা মৃত্যুদণ্ড (Right to Death Punishment) পৰ্যন্ত শাস্তি দিয়াৰ অধিকাৰ থাকিব এই মৰেল পুলিচ সকলৰ। এই সকলোবোৰ উদাহৰণ বৰ্তমান কাবুলৰ ৰাজপথত দেখি থকা গৈছে।
শান্তিৰ বাবে 'শ্বৰিয়া' অপৰিহাৰ্যমহম্মদ ইউচুফে কয় যে তেওঁ নৱম শ্ৰেণীলৈ এখন উমৈহতীয়া বিদ্যালয়ত পঢ়িছিল। তাৰ পিছত তেওঁ ১৩ বছৰ ধৰি ইছলাম ধৰ্ম অধ্যয়ন কৰিছিল আৰু এতিয়া ইছলামী জ্ঞানৰ প্ৰচাৰ কৰি আছে। ইউচুফে দাবী কৰে যে তেওঁ আজিলৈ কেতিয়াও সামৰিক প্ৰশিক্ষণ লোৱা নাই বা বন্দুক চলোৱা নাই। তেওঁ কয় যে আমি দেশখনত শান্তি বিচাৰোঁ, যাৰ বাবে ইছলামিক নিয়ম-কানুন অতি গুৰুত্বপূৰ্ণ। শান্তি (Peace) আৰু ইছলামিক শাসনে (Islamic Rule)ই আমাৰ একমাত্ৰ উদ্দেশ্য।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|