• Home
  • »
  • News
  • »
  • world
  • »
  • 'মুছলমানৰ বাবে বহুগুণে সুৰক্ষিত ভাৰত'- তালিবানী আতংকৰ পৰা পৰিত্ৰাণ বিচাৰি ভাৰতত আশ্ৰয় বিচাৰিলে আফগানিস্তানৰ সাংবাদিক চৈয়দ ওমৰ চাহিৰিয়ে

'মুছলমানৰ বাবে বহুগুণে সুৰক্ষিত ভাৰত'- তালিবানী আতংকৰ পৰা পৰিত্ৰাণ বিচাৰি ভাৰতত আশ্ৰয় বিচাৰিলে আফগানিস্তানৰ সাংবাদিক চৈয়দ ওমৰ চাহিৰিয়ে

আফগানিস্তানৰ মুছলমানে নিৰাপদ অনুভৱ কৰে ভাৰততঃ চৈয়দ ওমৰ চাহিৰি

আফগানিস্তানৰ মুছলমানে নিৰাপদ অনুভৱ কৰে ভাৰততঃ চৈয়দ ওমৰ চাহিৰি

আফগানিস্তানৰ মুছলমানে নিৰাপদ অনুভৱ কৰে ভাৰততঃ চৈয়দ ওমৰ চাহিৰি

  • Share this:
দুটা দশকৰ পিছত পুনৰ আফগানিস্তানৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়া তালিবানৰ হাতত চৰম অসুৰক্ষিত অনুভৱ কৰিছে দেশখনৰ অধিকাংশ মুছলমানে। আফগানিস্তান দখল কৰি তালিবানে দেশত শান্তি স্থাপন কৰাৰ কথা যিমানেই ঘোষণা নকৰক কিয় তালিবানী শাসন ব্যৱস্থাক বিশ্বাসত ল'ব পৰা নাই আফগানিস্তানৰ অধিকাংশ লোকে। কাৰণ আফগানিস্তানৰ ৰাজধানী কাবুলত এতিয়া অহৰ্নিশে তালিবানী সন্ত্ৰাসবাদীৰ তহল।

তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰা দেশৰ জনগণক কঠোৰ ভাৱে দমন কৰা হৈছে। শেহতীয়া ভাৱে, তালিবানীৰ সন্ত্ৰাসত ত্ৰস্ত হৈ পৰিছে আফগানিস্তানৰ সংবাদ মাধ্যম। ৰাজধানী চহৰ কাবুলত থকা সকলো খ্যাতনামা বিদেশী সাংবাদিকে বোৰ্খা পিন্ধি সংবাদ পৰিৱেশন কৰিবলৈ বাধ্য হৈছে। পিছে কেৱল বিদেশী সাংবাদিকেই  নহয়, আফগানিস্তানৰ স্থানীয় সাংবাদিকেও এতিয়া তালিবানীৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰতত আশ্ৰয় বিচাৰিছে।



দেশখনৰ এটা স্থানীয় সংবাদ মাধ্যমৰ সাংবাদিক চৈয়দ ওমৰ চাহিৰিয়ে ভাৰত চৰকাৰলৈ ই-ভিছা বিচাৰি আবেদন কৰিছে। চৈয়দ ওমৰ চাহিৰিয়ে আফগানিস্তানৰ স্বতন্ত্ৰ দিৱসৰ দিনা একাংশ সাধাৰণ নাগৰিকে কৰা প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰাৰ বাবেই তালিবানী সন্ত্ৰাসবাদীৰ ভয়াবহ নিৰ্যাতনৰ বলি হৈছিল। ইয়াৰ পিছতে ভাৰত চৰকাৰলৈ আশ্ৰয় বিচাৰি ই-ভিছা বিচাৰি আবেদন কৰা সাংবাদিক গৰাকীয়ে এটা ভিডিঅ' বাৰ্তা যোগে জনায়, "মোৰ জন্ম আফগানিস্তানত আৰু মোৰ জন্মভূমিক মই প্ৰাণভৰি ভালপাঁও। কিন্তু সাম্প্ৰতিক প্ৰেক্ষাপটত মোৰ অনুভৱ আফগানিস্তানত সাধাৰণ নাগৰিকৰ কোনো বাক-স্বাধীনতা নাই আৰু সাধাৰণ নাগৰিকৰ বাবে আফগানিস্তান একেবাৰে অসুৰক্ষিত। সেয়ে ভাৰতবৰ্ষৰ দৰে  শান্তিপ্ৰিয় দেশত আমি জীৱনটো পাৰ কৰিব বিচাৰো কাৰণ মুছলমানৰ বাবে ভাৰতবৰ্ষ আফগানিস্তান অথবা পাকিস্তানতকৈ বহুগুণে সুৰক্ষিত।" উল্লেখযোগ্য যে, আফগানিস্তানৰ অধিকাংশ মুছলমানেই ভাৰতক মুছলমানৰ বাবে সুৰক্ষিত বুলি মতপোষণ কৰিছে।'
Published by:Himangshu Bhuyan
First published: