Taliban New Diktat: তালিবানৰ আচৰণ আৰু নৈতিকতা মন্ত্ৰী খালিদ হানাফিয়ে কয়: "আমি বিচাৰো যে আমাৰ ভগ্নীসকলে সন্মান আৰু নিৰাপত্তাৰে জীয়াই থাকক।"
Taliban New Diktat: তালিবানৰ আচৰণ আৰু নৈতিকতা মন্ত্ৰী খালিদ হানাফিয়ে কয়: "আমি বিচাৰো যে আমাৰ ভগ্নীসকলে সন্মান আৰু নিৰাপত্তাৰে জীয়াই থাকক।"
আফগানিস্তান (Afghanistan)ৰ শাসনাধিষ্ঠ তালিবানে (Taliban) শনিবাৰে মহিলাসকলক ৰাজহুৱা স্থানত মূৰৰ পৰা ভৰিলৈকে বোৰ্খা (Head-To-Toe Burqa) পিন্ধি থাকিবলৈ কঠোৰ নিৰ্দেশ দিছে। এই ফটোৱাৰ পিছতে তালিবানৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে লেনদেনৰ প্ৰক্ৰিয়াটো অধিক জটিল কৰি তুলিছে।
তালিবানৰ নিৰ্দেশ অনুসৰি মহিলাসকলৰ কেৱল চকুহে নঢকাকৈ ৰাখিব পাৰি আৰু তেওঁলোকৰ মূৰৰ পৰা ভৰিৰ আঙুলিলৈ ঢাকি বোৰ্খা পিন্ধিব লাগিব। উল্লেখনীয় যে তালিবানে ১৯৯৬-২০০১ চনৰ পূৰ্বৱৰ্তী শাসনকালত মহিলাসকলৰ ওপৰত একে ধৰণৰ কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰিছিল।
তালিবানৰ আচৰণ আৰু নৈতিকতা মন্ত্ৰী খালিদ হানাফিয়ে কয়: "আমি বিচাৰো যে আমাৰ ভগ্নীসকলে সন্মান আৰু নিৰাপত্তাৰে জীয়াই থাকক।"
তালিবানে আগতেও ষষ্ঠ শ্ৰেণীৰ পিছত ছোৱালীৰ শিক্ষা নিষিদ্ধ কৰিছিল আৰু মৌলবাদীসকলক সন্তুষ্ট কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল। এইটোৱে তেওঁক আন্তৰ্জাতিক সম্প্ৰদায়ৰ পৰা আৰু বিচ্ছিন্ন কৰি তুলিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|