• Home
  • »
  • News
  • »
  • world
  • »
  • তালিবান নেতাৰ নামো ১০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত, মোল্লা বৰাদৰক লৈ কি কয় TIME আলোচনীয়ে?

তালিবান নেতাৰ নামো ১০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত, মোল্লা বৰাদৰক লৈ কি কয় TIME আলোচনীয়ে?

বিশ্বৰ প্ৰভাৱশালী ১০০ ব্যক্তিৰ তালিকাত বৰাদৰৰ নাম প্ৰকাশ পোৱাত বিশ্বজুৰি চৰ্চা লাভ কৰিছে।

বিশ্বৰ প্ৰভাৱশালী ১০০ ব্যক্তিৰ তালিকাত বৰাদৰৰ নাম প্ৰকাশ পোৱাত বিশ্বজুৰি চৰ্চা লাভ কৰিছে।

বিশ্বৰ প্ৰভাৱশালী ১০০ ব্যক্তিৰ তালিকাত বৰাদৰৰ নাম প্ৰকাশ পোৱাত বিশ্বজুৰি চৰ্চা লাভ কৰিছে।

  • Share this:

প্ৰখ্যাত আলোচনী টাইম (TIME)ৰ ২০২১ চনৰ ১০০গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ওলাইছে তালিবানৰ সহ-প্ৰতিষ্ঠাপকৰো নাম। এওঁ মোল্লা আব্দুল গনি বৰাদৰ। বিভিন্ন শিতানত বিশ্বৰ প্ৰভাৱশালী ১০০ ব্যক্তিৰ তালিকাত বৰাদৰৰ নাম প্ৰকাশ পোৱাত বিশ্বজুৰি চৰ্চা লাভ কৰিছে।


মোল্লা আব্দুল গনি বৰাদৰ হৈছে সশস্ত্ৰ সংগঠনটোৰ নেতা, যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সৰ্বাধিক আলোচনাত ভাগ লৈছে। তালিবান শান্তি চুক্তিৰ সময়ত বৰাদৰৰ অন্যতম ভূমিকা আছিল। টাইমৰ বাবে বৰাদৰৰ এই পৰিচয়মূলক প্ৰবন্ধটো পাকিস্তানী সাংবাদিক আহমেদ ৰছিদে লিখিছিল।


টাইমৰ মতে, বৰাদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে তালিবানৰ চুক্তিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু এই চুক্তিৰ আধাৰতে তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে। তেৱেঁই আফগান চৰকাৰৰ প্ৰাক্তন কৰ্মচাৰীসকলৰ বাবে ক্ষমা ঘোষণা কৰাৰ সিদ্ধান্ত লৈছিল। টাইমৰ মতে, যেতিয়া তালিবানে কাবুলত প্ৰৱেশ কৰিছিল, তেতিয়া ৰক্তক্ষয়ী সংঘৰ্ষ পৰিহাৰ কৰাত তেওঁৰ ভূমিকা সৰ্বাধিক আছিল।


চুবুৰীয়া পাকিস্তান আৰু চীনৰ সৈতে তালিবানৰ সম্পৰ্ক আৰু ভ্ৰমণতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বৰাদৰক তেওঁলোকৰ মাজৰ এজন বুলি গণ্য কৰা হয়, যিয়ে আফগানিস্তানৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ কাম কৰিব।


উল্লেখ্য,যেতিয়া তালিবান ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ শাসনত আছিল, বৰাদৰ এই চৰকাৰত উপ প্ৰতিৰক্ষা মন্ত্ৰী আছিল। ২০০১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তান আক্ৰমণ কৰাৰ সময়ত তেওঁ দেশৰ পৰা পলাই গৈছিল। তাৰ পিছত ২০১০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা বৰাদৰক গ্ৰেপ্তাৰ কৰা হৈছিল।


কিন্তু তালিবানৰ সহ-প্ৰতিষ্ঠাপক হোৱা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আলোচনাত শীৰ্ষ ভূমিকা পালন কৰা সত্ত্বেও এইটো বিশ্বাস কৰা হয় যে বৰাদৰক নতুন চৰকাৰত তুলনামূলকভাৱে নিম্ন স্থান দিয়া হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে হাক্কনী গোটৰ সৈতে আভ্যন্তৰীণ কন্দল আৰম্ভ হৈছে আফগানিস্তান।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি