আফগানিস্তানত পুনৰ তালিবানী শাসন ঘূৰি আহিছে! দেশখনৰ সাধাৰণ মানুহৰ মনত এতিয়া আতংক। আমেৰিকান সেনাই আফগানিস্তান এৰি দেশলৈ ওভতা আৰম্ভ কৰাৰ পিছতে আফগানিস্তানৰ বিভিন্ন অঞ্চলত নিজৰ শক্তি দেখুৱাইছে তালিবানে। ইতিমধ্যে কেইবাখনো প্ৰাদেশিক ৰাজধানী নিজৰ দখলৈ নিছে তালিবানসকলে। যিয়ে আৰু অধিক বৃদ্ধি কৰিছে ঙয়। সম্প্ৰতি এগৰাকী মহিলাক নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ ‘অপৰাধ’ আছিল তেওঁ দেহৰ সৈতে লিপিট খাই থকা পোছাক পিন্ধিছিল!
আফগানিস্তানৰ উত্তৰৰ বলখ প্ৰদেশত এই ঘটনা সংঘটিত হৈছে। মাজাৰ–ই–শ্বৰীফলৈ যোৱাৰ বাবে ঘৰৰ পৰা ওলাই গাড়ীত উঠিবলৈ গৈছিল নাজনিন নামৰ মহিলাগৰাকীয়ে। ঘৰৰ কোনো পুৰুষ সদস্যক লগত ননাকৈয়ে ৰাস্তালৈ ওলাইছিল মহিলাগৰাকী। যিটো মুঠেই ভাল চকুৰে নাচালে তালিবানসকলে। ৰাজপথতে গুলীয়াই হত্যা কৰে মহিলাগৰাকীক। বোৰ্খা পৰিধান কৰি ওলোৱাৰ পিছতো ৰক্ষা নপৰিল। দেহৰ সৈতে কিয় লিপিট খোৱা পোছাক? এই ‘অপৰাধ’তে হত্যা কৰা হ’ল মহিলাগৰাকীক। তালিবানৰ ফালৰ পৰা অৱশ্যে এই হত্যাৰ ঘটনা অস্বীকাৰ কৰা হৈছে।