আফগানিস্তানত পৰিস্থিতি প্ৰতিদিনে বেয়ালৈ গতি কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰই সৈন্য প্ৰত্যাহাৰৰ মাজতে তালিবানে নিৰন্তৰ নিজৰ স্থিতি শক্তিশালী কৰি আছে। তালিবানে দাবী কৰা মতে, দেশখনৰ ৯০ শতাংশতকৈও অধিক সীমান্ত অঞ্চল দখল কৰিছে তালিবানে। কিন্তু আফগান সেনায়ো তুমুল যুদ্ধত চামিল হৈছে তালিবানৰ বিৰুদ্ধে।
আফগানিস্তানৰ এক বিবৃতিত সম্প্ৰতি দাবী কৰা হৈছে যে তেওঁলোকে ২৫৪জন তাবলিবান উগ্ৰপন্থীক হত্যা কৰিছে। তালিবানক লক্ষ্য কৰি বিমান আক্ৰমণ কৰি থকা এটা ভিডিঅ'ও আফগান সেনাৰ ফালৰ পৰা মুকলি কৰা হৈছে। ৬ ছেকেণ্ডৰ ভিডিঅ'টো আফগান সেনাই মুকলি কৰিছে, য'ত তেওঁলোকে আক্ৰমণ কৰিছে তালিবানৰ গোপন ঠিকনাত। আফগানিস্তানে দাবী কৰিছে যে তালিবান সন্ত্ৰাসবাদীসকল ইয়াত লুকাই আছিল। আফগানিস্তানৰ দ্বাৰা মাত্ৰ কেইছেকেণ্ডৰ মুহূৰ্তত এয়াৰ ষ্ট্ৰাইক কৰা হয়। চকুৰ পলকতে ধোঁৱাৰ মাজত মিহলি হৈ যায় তালিবান সন্ত্ৰাসবাদী।
#Taliban terrorists hideouts were targeted by #AAF in Zherai district of #Kandahar province yesterday. Tens of #terrorists were killed and wounded as result of the #airstrike. pic.twitter.com/mM1uVyeXMu
— Ministry of Defense, Afghanistan (@MoDAfghanistan) August 1, 2021
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|