• Home
  • »
  • News
  • »
  • world
  • »
  • আফগানিস্তানত তালিবানৰ নতুন ৰূপ! IS আক্ৰমণত বিধ্বস্ত কাৰ্টে পাৰৱান গুৰুদ্বাৰত পুনৰ নিৰ্মাণৰ বাবে আগবঢ়ালে ৪০ লাখ আফগান টকা

আফগানিস্তানত তালিবানৰ নতুন ৰূপ! IS আক্ৰমণত বিধ্বস্ত কাৰ্টে পাৰৱান গুৰুদ্বাৰত পুনৰ নিৰ্মাণৰ বাবে আগবঢ়ালে ৪০ লাখ আফগান টকা

আফগানিস্তানত শাসনভাৰ চলাই থকা তালিবানে কাৰ্টে পাৰৱান গুৰুদ্বাৰটো পুনৰ নিৰ্মাণ কৰিবলৈ ৪০ লাখ আফগানী টকা দিছিল।

আফগানিস্তানত শাসনভাৰ চলাই থকা তালিবানে কাৰ্টে পাৰৱান গুৰুদ্বাৰটো পুনৰ নিৰ্মাণ কৰিবলৈ ৪০ লাখ আফগানী টকা দিছিল।

আফগানিস্তানত শাসনভাৰ চলাই থকা তালিবানে কাৰ্টে পাৰৱান গুৰুদ্বাৰটো পুনৰ নিৰ্মাণ কৰিবলৈ ৪০ লাখ আফগানী টকা দিছিল।

  • Share this:
মাত্ৰ দুমাহ পূৰ্বে কাবুলৰ কাৰ্টে পাৰৱান গুৰুদ্বাৰত ইছলামিক ষ্টেট খোৰাচান প্ৰদেশ (ISKP)এ কৰা আক্ৰমণত গুৰুদ্বাৰটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। দেশখনত শাসনভাৰ চলাই থকা তালিবানে এই গুৰুদ্বাৰটো পুনৰ নিৰ্মাণ কৰিবলৈ ৪০ লাখ আফগানী টকা দিছিল। বৰ্তমান, আফগান শিল্পীসকলে দেৱালত ছবি আঁকি আছে, মজিয়াৰ টাইলছ স্থাপন কৰাৰ লগতে মুখ্য হলটোক চূড়ান্ত ৰূপ দিয়াত ব্যস্ত হৈ আছে য'ত পবিত্ৰ গুৰু গ্ৰন্থ চাহিব ৰখা হ'ব।

কাবুলৰ হিন্দু-শিখ সম্প্ৰদায়ৰ মুৰব্বী আৰু গুৰুদ্বাৰ পুনৰ নিৰ্মাণৰ কামৰ তদাৰক কৰি থকা ৰামচৰণ ভাছিনে কয় যে "অভিযন্তাসহ তালিবানৰ বহুলোক ইয়ালৈ আহিছিল, ক্ষতিৰ মূল্যাঙ্কন কৰিছিল আৰু আমাক টকা দিছিল। তালিবানে ৪ মিলিয়ন আফগান টকা দিয়ে,পুনৰ নিৰ্মাণ কাৰ্যটো প্ৰায় সম্পূৰ্ণৰূপে ইছলামিক আমিৰাতৰ পুঁজিৰ পৰা যোগান ধৰা হৈছে। আমি কোনো পুঁজি সংগ্ৰহ কৰা নাছিলোঁ।" এই গুৰুদ্বাৰটো এতিয়া তালিবানৰ কঠোৰ পহৰাত আছে বুলি জানিব পৰা গৈছে।

ভাছিনে লগতে কয় যে, কাৰ্টে পাৰৱান গুৰুদ্বাৰ কাবুলৰ এক নম্বৰ গুৰুদ্বাৰ আৰু ইয়াক যিমান সম্ভৱ সিমান সোনকালে কাৰ্যকৰী কৰাটো তেওঁলোকৰ প্ৰাথমিকতা দায়িত্ব। আগষ্টৰ শেষৰ ফালে এই গুৰুদ্বাৰটো তৈয়াৰ হৈ যাব। তাৎপৰ্যপূৰ্ণভাৱে, তালিবানে এবছৰ আগতে আফগানিস্তান দখল কৰিছিল। তাৰ পিছত শিখ সম্প্ৰদায়ৰ বেছিভাগ লোকে ভাৰত বা আন দেশলৈ প্ৰব্ৰজন কৰে।

অনুমান কৰা হয় যে, আফগানিস্তানত ২০২০ চনলৈকৈ শিখ আৰু হিন্দু লোকৰ জনসংখ্যা প্ৰায় ৬৫০ আছিল। ইয়াৰে প্ৰায় ৪০০ জন শোৰ মাৰ্কেট আক্ৰমণৰ পিছত ভাৰতলৈ গুছি গৈছিল। যিসকলৰ ওচৰত সম্পদ আছিল তেওঁলোক ইউৰোপ বা কানাডালৈ গৈছিল।

উল্লেখযোগ্য যে, ৰামচাৰণ ভাছিনৰ পৰিয়াল আফগানিস্তানত বাস কৰা প্ৰায় ১৫ টা হিন্দু পৰিয়ালৰ ভিতৰত অন্যতম। শিখ সম্প্ৰদায়ৰ কেইবাজনো নেতা ভাৰতলৈ ৰাওনা হোৱাৰ পিছত তেওঁক কাৰ্টে পৰৱানৰ গুৰুদ্বাৰৰ কাৰ্যকৰী মুৰব্বী পতা হৈছিল। ভাছিনৰ পৰিয়ালে চাৰি প্ৰজন্ম ধৰি আফগান ৰাজধানীত বাস কৰি আছে। কিন্তু শেহতীয়াকৈ তেওঁলোকে তেওঁলোকৰ পুত্ৰ আৰু তেওঁলোকৰ পৰিয়ালক ভাৰতলৈ পঠিয়াইছে বুলি জানিব পৰা গৈছে। এতিয়া কেৱল তেওঁ আৰু তেওঁৰ পত্নীহে কাবুলত আছে।
Published by:Sanjay Kumar Das
First published: