আফগানিস্তানৰ নৱনিযুক্ত উপ-প্ৰধানমন্ত্ৰী মোল্লাহ আব্দুল গণি বৰাদৰ বৰ্তমান ক'ত আছে? তালিবানৰ উত্থানৰ আঁৰৰ মূল নেতা হিচাপে পৰিচিত এইগৰাকী নেতাৰ অৱস্থিতিক লৈ বৰ্তমান সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে চাঞ্চল্যৰ। তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ সময়ত মোল্লাহ আব্দুল গণি বৰাদৰক প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব বুলি চৰ্চিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁক পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ হেঁচাত উপ-প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ল। কিন্তু বৰ্তমান এইগৰাকী নেতাক লৈ সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমতে চলিছে ব্যাপক চৰ্চা।
বিশ্বৰ বহু আগশাৰীৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি মোল্লা আব্দুল গণি বৰাদৰৰ গৃহমন্ত্ৰী চিৰাজউদ্দিন হাক্কানী গোটৰ সৈতে হোৱা সংঘাতত মৃত্যু হৈছে। একাংশৰ মতে আকৌ মোল্লা বৰাদৰ গুলীবিদ্ধ হৈ পাকিস্তানৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। পিছে এই বাতৰিক নস্যাৎ কৰিছে তালিবানে। তালিবানৰ এগৰাকী প্ৰবক্তা ছোহেইল চাহিনে টুইটাৰত দিয়া বিবৃতি অনুসৰি, "মোল্লা বৰাদৰ সম্পূৰ্ণ সুস্থ হৈ আছে আৰু তেওঁক লৈ সংবাদ মাধ্যমে পৰিৱেশন কৰা বাতৰি সম্পূৰ্ণ অসত্য আৰু ভিত্তিহীন।"
তালিবানে আনকি মোল্লা আব্দুল গণি বৰাদৰে নিজকে সুস্থ হৈ থকা বুলি দাবী কৰা এটি অডিঅ' ক্লিপো টুইটাৰত মুকলি কৰিছে। কিন্তু বহুতৰ মতে এয়া মোল্লাৰ কণ্ঠশ্বৰ নহয়। ইপিনে, যোৱা ১২ দিন ধৰি মোল্লা আব্দুল গণি বৰাদৰক কোনেও দেখা নাই। সেয়ে বৰাদৰৰ অৱস্থিতিক লৈ বিপাঙত পৰিছে সকলো। কিন্তু যদিহে বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি হাক্কানী নেটৱৰ্কৰ সৈতে হোৱা আভ্যন্তৰীণ সংঘাতত মোল্লা বৰাদৰে প্ৰাণ হেৰুৱাইছে তেনেহ'লে এইয়া তালিবানীৰাজৰ প্ৰতি চৰম অশুভ সংকেত। কাৰণ ক্ষমতা দখলৰ ১ মাহ নৌহওঁতেই যদি মোল্লা আব্দুল গণি বৰাদৰৰ দৰে এগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱাব লগা হয়, তেন্তে তালিবানৰ ভৱিষ্যৎ কি সেয়া সকলোৱে সহজে অনুমান কৰিব পাৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 14, 2021, 09:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।