• Home
  • »
  • News
  • »
  • world
  • »
  • Taliban: চৰকাৰ গঠনৰ জৰিয়তে আমেৰিকাক কি বাৰ্তা দিব বিচাৰিছে তালিবানে? শপত গ্ৰহণৰ বাবে কিয় বাচি ল'লে ১১ছেপ্টেম্বৰ দিনটো?

Taliban: চৰকাৰ গঠনৰ জৰিয়তে আমেৰিকাক কি বাৰ্তা দিব বিচাৰিছে তালিবানে? শপত গ্ৰহণৰ বাবে কিয় বাচি ল'লে ১১ছেপ্টেম্বৰ দিনটো?

Taliban US Relation : কটা ঘাত চেঙা তেল, পুনৰ আমেৰিকাক অশান্ত কৰিব পাৰে তালিবানে!

Taliban US Relation : কটা ঘাত চেঙা তেল, পুনৰ আমেৰিকাক অশান্ত কৰিব পাৰে তালিবানে!

Taliban US Relation : কটা ঘাত চেঙা তেল, পুনৰ আমেৰিকাক অশান্ত কৰিব পাৰে তালিবানে!

  • Share this:
এফালে আাফগানিস্থানত তালিবানী শক্তিৰ হাতত আমেৰিকান বাহিনীৰ পৰাজয়ৰ লজ্জা তাৰ পিছত পুনৰ আমেৰিকাৰ শত্ৰু শক্তিক একগোট কৰাৰ প্ৰচেষ্টাৰে  আমেৰিকাক অনাগত দিনত কি হ'ব তাৰ স্পষ্ট ইংগিত দিছে তালিবানে। ছুপাৰ পাৱাৰ হিচাপে খ্যাত আমেৰিকাৰ বিৰুদ্ধে তালিবানে পুনৰ প্ৰতিশোধ  লোৱাৰ ব্লুপ্ৰিণ্ট ৰচিছে নেকি? তাৰেই যেন স্পষ্ট ইংগিত দিব বিচাৰিছে আফগানিস্থানত চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুত হোৱা তালিবানে।

শপত গ্ৰহণৰ বাবে তালিবানে এটি বিশেষ দিনক বাচি লৈছে। সেই দিনটো হৈছে ১১ছেপ্টেম্বৰ।  কাৰণ আজিৰ পৰা ২০বছৰ আগতে সেই দিনটোতে তালিবানৰ আশ্ৰয়ত থকা সন্ত্ৰাসবাদী সংগঠন আল কায়দা তথা বিশ্বত্ৰাস সন্ত্ৰাসবাদী ওছামা বিন লাডেনে ধ্বংস কৰিছিল ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ। প্ৰাণ হেৰুৱাইছিল বহু নিৰপৰাধী লোকে। ৯/১১ৰ প্ৰতিশোধ স্বৰূপে তালিবানক আফগানিস্থানৰ পৰা উৎখাত কৰিছিল আমেৰিকাই। ঘটনাৰ ৯বছৰৰ পিছত আমেৰিকান কামাণ্ডোৱে পাকিস্তানৰ এবোটাবাদত বিচাৰি বিচাৰি হত্যা কৰিছিল লাডেনক।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্বে তালিবানৰ বিৰুদ্ধে আৰম্ভ কৰা এই অভিযানক দুগুণ উদ্যমৰে চলাইছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই। লাডেনক নিধন কৰাৰ পিছত আমেৰিকাবাসীৰ বাবে নায়ক হৈ পৰিছিল বাৰাক ওবামা। ওবামাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পেও আফগানিস্থানত অব্যাহত ৰাখিছিল আমেৰিকান সেনাৰ অভিযান। কিন্তু ট্ৰাম্পৰ ৫বছৰীয়া ৰাজত্বৰ অন্ত পৰাৰ পিছতে ক্ষমতালৈ অহা জ' বাইডেনে কাৰ্যত আফগানিস্তানৰ পৰা আমেৰিকাক আঁতৰাই লৈ আহে। ট্ৰাম্পক ওফৰাই শাসনৰ গাদীলৈ অহা জ' বাইডেনৰ জনপ্ৰিয়তাৰ গ্ৰাফ মুহুৰ্ততে অৱনমিত হ'ল আমেৰিকান নাগৰিকৰ মাজত।

পিছে এতিয়া তালিবানে শপতগ্ৰহণৰ বাবে ৯/১১ৰ দিনটো বাছি লোৱা সিদ্ধান্তই আমেৰিকাক যেন কটা ঘাত চেঙা তেল হে দিছে। তালিবানে ইয়াৰ জৰিয়তে কি বুজাব বিচাৰিছে সেয়া সহজেই অনুমেয়। সেয়ে এতিয়া আমেৰিকাৰ চোৰাংচোৱা সংস্থা শংকিত হৈ পৰিছে তালিবানৰ আচৰণত।
Published by:Manjumoni Borah
First published: