আফগানিস্তান(Afghanistan)ৰ ৰাজধানী কাবুলত তালিবান(Taliban)ৰ নিষ্ঠুৰতা আকৌ এবাৰ উন্মোচিত হৈছে। তালিবানে আজি কাবুলত উলিওৱা পাকিস্তান বিৰোধী এটা ৰেলীত ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰে। গুলীচালনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।
সংবাদ সংস্থা এএফপিৰ মতে, কাবুলত পাকিস্তানী দূতাবাসৰ বাহিৰত ৭০ জনৰো অধিক লোকে প্ৰতিবাদ কৰি আছিল। বহু সংখ্যক মহিলাও জড়িত আছিল আছিল এই প্ৰতিবাদত। প্ৰতিবাদৰ কিছুমান ভিডিঅ' পোহৰলৈ আহিছে, য'ত প্ৰতিবাদকাৰীসকলে 'পাকিস্তান মুৰ্দাবাদ' আৰু 'পঞ্জশীৰ জিন্দাবাদ'ৰ দৰে শ্লোগান দিয়া শুনা গৈছিল।
কাবুলৰ স্থানীয় সাংবাদিকে শ্বেয়াৰ কৰা ভিডিঅ'টোত আফগান পুৰুষ আৰু মহিলাক প্ৰতিবাদী বেনাৰত 'স্বাধীনতা স্বাধীনতা' আৰু 'পাকিস্তানৰ মৃত্যু', 'আইএছআইৰ মৃত্যু'ৰ দৰে শ্লোগান লিখা দেখা গৈছিল। দৰাচলতে, পঞ্জশীৰৰ যুদ্ধত তালিবানৰ হৈ পাকিস্তানৰ ড্ৰ'ন আক্ৰমণ আৰু আইএছআইৰ মুৰব্বী ফৈজ হামিদৰ কাবুল ভ্ৰমণে আফগানসকলক ক্ষুব্ধ কৰি তুলিছে।
Night-time protests are taking place in Kabul. Afghan women have had it enough and they're bravely challenging Taliban and Pakistan. "Down with Pakistan" chants are heard in these protests.
This is the cry of a nation against oppression of Taliban and invasion of Pakistan pic.twitter.com/JJrxIYmHCA
— Masih Alinejad ?️ (@AlinejadMasih) September 6, 2021
আন্তৰ্জাতিক সম্প্ৰদায়েও ইয়াক সমালোচনা কৰিছে। আফগানিস্তানৰ বিভিন্ন চহৰৰ মহিলাসকলে যোৱা কেইবাদিনো ধৰি তেওঁলোকৰ অধিকাৰৰ বাবে প্ৰদৰ্শন কৰি আহিছে, কাবুলত প্ৰথমবাৰৰ বাবে কালি নিশা প্ৰদৰ্শন কৰা দেখা গৈছে। কাবুলৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনতো ৰেলী অনুষ্ঠিত কৰি পাকিস্তান মুৰ্দাবাদৰ শ্লোগানো উত্থাপন কৰা হৈছে।
বহুতে পাকিস্তানৰ ওপৰত নতুনকৈ নিষেধাজ্ঞা আৰোপৰ দাবী জনাইছে। আনহাতে পঞ্জশীৰত ৰাষ্ট্ৰীয় প্ৰতিৰোধ বাহিনীৰ (এনআৰএফ) নেতৃত্ব দি থকা আহমেদ মাছুদে কৈছে যে পাকিস্তানৰ বায়ু সেনাই নিৰন্তৰ আক্ৰমণ চলাই আছে, যাতে তালিবানে পঞ্জশীৰ দখল কৰিব পাৰে। গতিকে তেওঁ এই যুঁজ পাকিস্তানৰ সৈতে হোৱা বুলি উল্লেখ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|