আফগানিস্তানত পুনৰ আৰম্ভ হৈছে ৰাজহুৱা নৃশংস শাস্তি। ভৰ্তি ষ্টেডিয়ামৰ মাজত ডকাইতি কৰাৰ অপৰাধত সকলোৰে সন্মুখত চাৰিজন লোকৰ হাত কাটি পেলোৱা হৈছে। তদুপৰি সেই দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আৰু ৫ জন লোকক চাবুকেৰে ফাঁচি দিয়া হয়।
স্থানীয় সংবাদ সংস্থাৰ এক সূত্ৰৰ মতে, "তালিবানৰ অধীনস্থ আফগানিস্তানৰ সৰ্বোচ্চ আদালতে মঙলবাৰে চুৰি, ডকাইতি অপৰাধত ৯ জন লোকক শাস্তি প্ৰদান কৰে। সকলোকে কান্দাহাৰৰ আহমদ শ্বাহী ষ্টেডিয়ামত ৰাজহুৱাভাৱে শাস্তি প্ৰদান কৰা হয়।"
সমগ্ৰ শাস্তিৰ সময়ছোৱাত কান্দাহৰৰ এখন ফুটবল খেলপথাৰখন মুহূৰ্তৰ ভিতৰতে ভৰি পৰিছিল। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি তালিবান নেতালৈকে তাত উপস্থিত আছিল। ইয়াৰে চাৰিজন অপৰাধীৰ হাত সকলোৰে সন্মুখত কাটি পেলোৱা হৈছিল। বাকী থকা ৪ জন অভিযুক্তক তেওঁলোকৰ অপৰাধৰ ওপৰত নিৰ্ভৰ কৰি ৩৫-৩৯ বাৰ চাবুকৰ কোব দিয়া হয়।
এই ঘটনা পোহৰলৈ অহাৰ লগে লগে মানৱ অধিকাৰ কৰ্মীসকলে তালিবানৰ বিৰুদ্ধে সৰৱ হৈ পৰে। আফগানিস্তানৰ প্ৰাক্তন মানৱ অধিকাৰ কৰ্মী শ্ববনাম নাছিমিয়ে টুইট কৰি কয় যে, "কাণ্ডাহাৰৰ ভৰি থকা ষ্টেডিয়ামত তালিবানে শাস্তি হিচাপে চাৰিখন হাত কাটিলে। আফগানিস্তানত মানুহক চাবুকৰে কোবাই কোবাই অংগ-প্ৰত্যংগ কাটিছে। আনকি অপৰাধৰ শাস্তি হিচাপে হত্যাও কৰা হৈছে। এয়া মানৱ অধিকাৰৰ গুৰুতৰ উলংঘা।"
ৰাষ্ট্ৰসংঘ আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাই বাৰে বাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো তালিবানে এইদৰে হাত-ভৰি কাটি শাস্তি দিয়াৰ পথৰ পৰা আঁতৰি যোৱা নাই। পৰম্পৰা ৰক্ষাৰ নামত দেশজুৰি অত্যাচাৰ অব্যাহত ৰাখিছে কঠোৰপন্থী তালিবানী নেতাসকলে। যোৱা নৱেম্বৰৰ পৰা এই জানুৱাৰী মাহৰ ভিতৰত কমেও ১০০ গৰাকী মহিলাক তালিবানে শাস্তি প্ৰদান কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|