আফগানিস্তানক ক্ৰমশঃ গ্ৰাস কৰি আহিছে তালিবানে। তালিবান বাহিনীৰ দ্বাৰা দেশখনৰ আন তিনিখন প্ৰাদেশিক ৰাজধানী দখল কৰা হৈছে। ইয়াকে লৈ তালিবানে তিনি দিনৰ ভিতৰত পাঁচখন প্ৰাদেশিক ৰাজধানী দখল কৰে। তালিবানে কালি এদিনতে কুন্দুজ, চাৰ-ই-পল আৰু তাকহৰ প্ৰদেশৰ ৰাজধানী দখল কৰে। তালিবানৰ দ্বাৰা দখল কৰা পাঁচখন প্ৰাদেশিক ৰাজধানীৰ ভিতৰত কুন্দুজ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
চহৰখন ২০১৫ আৰু ২০১৬ চনত তালিবানৰ দ্বাৰা দখল কৰা হৈছিল। কিন্তু বিদেশী সৈন্যৰ সহায়ত চৰকাৰী বাহিনীয়ে তেতিয়া কুন্দুজ পুনৰুদ্ধাৰ কৰে। আফগানিস্তানত মুঠ ৩৪খন প্ৰদেশ আছে। ইয়াৰ পূৰ্বে যোৱা শনিবাৰে তালিবানে দেশখনৰ জাওজান প্ৰদেশৰ ৰাজধানী চেবাৰঘানত নিয়ন্ত্ৰণ কৰা বুলি দাবী কৰিছিল। সশস্ত্ৰ সংগঠনটোৱে শুকুৰবাৰে নিমৰোজৰ দক্ষিণ-পশ্চিম প্ৰদেশৰ ৰাজধানী জাৰাঞ্জ দখল কৰে।
অৱশ্যে, তালিবানে এই তিনিটা অঞ্চল দখল কৰিবলৈ চৰকাৰী বাহিনীৰ সৈতে তীব্ৰ যুঁজ দিব লগা হৈছিল। কুন্দুজৰ এগৰাকী বাসিন্দাই সমগ্ৰ চহৰখনত চৰম বিশৃংখল অৱস্থা সৃষ্টি হোৱা বুলি বৰ্ণনা কৰিছে। আফগানিস্তানজুৰি তালিবানৰ সৈতে চৰকাৰী বাহিনীৰ তীব্ৰ যুঁজৰ মাজতে তিনি দিনৰ ভিতৰত পাঁচখন প্ৰাদেশিক ৰাজধানী চহৰ তালিবানে নিয়ন্ত্ৰণ কৰাটো দেশখনৰ নিৰাপত্তা বাহিনীৰ বাবে এক ডাঙৰ বিফলতা বুলি গণ্য কৰা হৈছে।
২০০ তালিবান নিহত
আনহাতে আজি আফগানিস্তানৰ জাৱাজান প্ৰদেশৰ ৰাজধানী চেবাৰঘানত তালিবান যোদ্ধাসকলক লক্ষ্য কৰি কৰা বিমান আক্ৰমণত ২০০তকৈও অধিক তালিবান নিহত হয়। আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এজন বিষয়াই এই সন্দৰ্ভত সংবাদ মাধ্যমক অবগত কৰে। আফগান বায়ু সেনাই চেবৰঘানত তালিবান যুঁজাৰুৰ সমাৱেশ আৰু গোপন ঘাটিত আক্ৰমণ চলাইছিল। এই আক্ৰমণত ২০০তকৈও অধিক তালিবান নিহত হোৱাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ, গোলাবাৰুদ আৰু বাহন ধ্বংস কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|