আফগানিস্তানত তালিবানে শাসনৰ দায়িত্ব লোৱাৰ পিছত, পাকিস্তান চৰকাৰে প্ৰতিটো বিষয়ত তালিবান চৰকাৰক হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে । কিন্তু, তালিবানে যেন পাকিস্তানৰ এই হস্তক্ষেপ মানিব বিচৰা নাই। বিমানবন্দৰৰ নিৰাপত্তাৰ পিছত, তালিবানে এতিয়া দ্বিপাক্ষিক বাণিজ্যৰ বিষয়ত পাকিস্তানৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে। পাকিস্তানৰ ইমৰান খান চৰকাৰে কৈছিল যে তেওঁলোকে আফগানিস্তানৰ পৰা পাকিস্তানী টকাৰ ব্যৱসায় কৰিবলৈ সাজু।পিছে, তালিবানে ইয়াক অস্বীকাৰ কৰি কৈছে তেওঁলোকে তেওঁলোকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত ল'ব কিয়নো ই তেওঁলোকৰ প্ৰতি সন্মানৰ প্ৰশ্ন।
কেনেকৈ এই প্ৰসংগৰ আৰম্ভণি ঘটিল?
শেহতীয়াকৈ, পাকিস্তানৰ বিত্ত মন্ত্ৰী ছৌকত তাৰিনে সংসদৰ ভিতৰত কোৱাৰ লগতে সংবাদ মাধ্যমকো জনাইছিল যে তেওঁ আফগানিস্তানৰ নতুন চৰকাৰৰ সৈতে শক্তিশালী ব্যৱসায়িক সম্পৰ্ক বিচাৰে আৰু ইয়াৰ বাবে পাকিস্তানৰ মুদ্ৰা ব্যৱহাৰ কৰিব বিচাৰে। তাৰিনে ইয়াৰ লগতে কৈছিল যে দুয়োখন দেশে অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰিবলৈ পাকিস্তানৰ মুদ্ৰা ব্যৱহাৰ কৰিব পাৰে। তালিবানে প্ৰথমে তিনি দিনৰ বাবে নীৰৱতা অৱলম্বন কৰিছিল যদিও পৰৱৰ্তী পৰ্য্যায়ত পাকিস্তানৰ এই প্ৰস্তাৱক নাকচ কৰে। তালিবানী নেতা আহমেদুল্লাহ ৱাছিকে সংবাদ মাধ্যমক কয়, "আমি স্পষ্ট কৰিব বিচাৰো যে আমাৰ মুদ্ৰা আফগানিছতে পাৰস্পৰিক ব্যৱসায়-বাণিজ্য চলিব। মুদ্ৰা কোনো কাৰণতে সলনি কৰা নহ'ব। আমি আমাৰ পৰিচয়ৰ গুৰুত্ব বুজি পাওঁ আৰু ইয়াক বজাই ৰাখিম। ইয়াৰ সৈতে আপোচ কৰিব নোৱাৰি।"
তালিবানৰ অৰ্থনৈতিক দুৰৱস্থাৰ সুযোগ লোৱাৰ চেষ্টা পাকিস্তানৰ:
ছৌকত তাৰিনে যোৱা সপ্তাহত কৈছিল যে আফগানিস্তানত এতিয়াও ডলাৰৰ সংকট চলি আছে। আমেৰিকাই তেঁওলোকৰ ৯ বিলিয়ন ডলাৰৰ পুঁজি অৱৰোধ কৰিছে। সেয়েহে, আফগানিস্তান আৰু আমাৰ বাবে পাকিস্তানী টকাত একেলগে ব্যৱসায় কৰাটো ভাল হ'ব। ইয়াৰ বাবে, মুদ্ৰা সলনি কৰাৰ উপায় ল'ব পাৰি। তাৰিণৰ প্ৰস্তাৱটো পাকিস্তানী ব্যৱসায়ীসকলেও আদৰণি জনাইছিল।
যোৱা আগষ্ট মাহত আমেৰিকান ডলাৰৰ বিপৰীতে পাকিস্তানী টকাৰ মূল্য হ্ৰাস হৈ ১৬৪ টকা হৈছিল। এতিয়া, পুনৰ হ্ৰাস হয় প্ৰতি ১ আমেৰিকান ডলাৰৰ বিপৰীতে ইয়াৰ মূল্য ১৬৯টকা। কিছুমান অৰ্থনৈতিক বিশেষজ্ঞৰ মতে আফগানিস্তানৰ পৰা চোৰাং ব্যৱসায়ৰ জৰিয়তে বহুতো বস্তু পাকিস্তানলৈ আহে। ফলত পাকিস্তানৰ অৰ্থনীতিক আঘাত কৰে।
পাকিস্তানৰ প্ৰতি কিয় আগ্ৰহ কমিছে তালিবানৰ:
কেইদিনমান আগতে, পাকিস্তানে তালিবানক কাবুল বিমানবন্দৰ পুনৰ নিৰ্মাণ আৰু ইয়াক কাৰ্যক্ষম কৰাৰ প্ৰস্তাৱ দিছিল। তালিবানে পাকিস্তানক সুযোগ দিয়া নাছিল। ইয়াৰ পৰিৱৰ্তে তালিবানে তুৰস্ক আৰু কাটাৰক ইয়াৰ দায়িত্ব দিছিল। পাকিস্তানে পুনৰ প্ৰশাসনিক দিশত তালিবানক সহায়ৰ প্ৰস্তাৱ আগবঢ়াইছিল। তালিবানে এই প্ৰস্তাৱো প্ৰত্যাখ্যান কৰি কৈছিল যে তেঁওলোকে নিজে এই কাম কৰিব।
পাকিস্তানৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আলিয়া শ্বাহে অলপতে তেওঁৰ ইউটিউব চেনেলত কৈছিল যে "তালিবানে অতি চিন্তাশীলভাৱে কাম কৰি আছে। তেওঁলোকে অনুভৱ কৰে যে যদি তেওঁলোকে পাকিস্তানৰ সৈতে অধিক সম্পৰ্ক কৰাৰ দিশটো পশ্চিমীয়া দেশ সমূহে লক্ষ্য কৰে, তেনেহ'লে অধিকাংশ পশ্চিমীয়া দেশেই পৰৱৰ্তী পৰ্য্যায়ত তালিবানক সহায় কৰাৰ পৰা বিৰত থাকিব পাৰে।"
Published by: Kokil Sarma
FIRST PUBLISHED : September 13, 2021, 12:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।