আফগানিস্তানত তালিবান (Taliban) শাসনলৈ অহাৰ লগে লগে দেশখনৰ জীৱনযাত্ৰা সম্পূৰ্ণৰূপে সলনি হৈছে। তালিবান মৌলবাদীসকলে দেশৰ বিভিন্ন অঞ্চলত বাধা–নিষেধ আৰোপ কৰাৰ লগতে ধ্বংসযজ্ঞও চলাই আছে। এতিয়া তেওঁলোকে বিবাহ কৰোৱাৰ বাবে ঘৰে ঘৰে তালাচী চলাইছে পাত্ৰীৰ সন্ধানত। হলী মেক্কে (Hollie McKay) নামৰ এজন সাংবাদিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্য ডলাছ মৰ্নিং নিউজত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে।
মেক্কেই তেওঁৰ প্ৰবন্ধত এইদৰে উল্লেখ কৰে– "অৱশ্যে, মই কেনেবাকৈ মাজাৰ-ই-শ্বৰীফৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিলোঁ। কিন্তু তাত এৰি যোৱা বন্ধুসকল এতিয়া অজ্ঞাত ভয়ত জীয়াই আছে। এই দেশৰ মহিলাসকলে স্বাধীনতাৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিব লগা হৈছে।"
এজনী ছোৱালীৰ কথা উল্লেখ কৰিছিল যি ডাক্তৰ হ'ব বিচাৰিছিল
তেওঁ আফগানিস্তানত পোৱা এজনী ছোৱালীৰ বিষয়ে লিখিছে, যিয়ে চিকিৎসক হ'ব বিচাৰিছিল। ছোৱালীজনীয়ে তেওঁৰ জীৱনৰ বাবে শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এই দিশত আগবাঢ়িছিল যদিও তালিবানৰ আগমনে সকলো সপোন চূৰমাৰ কৰি পেলাইছিল।
তালিবান মৌলবাদীসকলে নিজকে ইছলামৰ ৰক্ষক বুলি কয়
মেককে আফগানিস্তানৰ এজন বন্ধুৰ উদ্ধৃতি দি এইদৰে লিখে– "তালিবান মৌলবাদীসকলে বৰ্তমান ১৫ বছৰতকৈ অধিক বয়সৰ ছোৱালীৰ সন্ধানত ঘৰে ঘৰে তালাচী চলাই আছে। তেওঁলোকে মানুহক কয় যে তেওঁলোক ইছলামৰ ৰক্ষক যিয়ে আফগানিস্তানক পশ্চিমীয়া শক্তিৰ পৰা মুক্ত কৰিছে। হঠাতে দেশৰ মানুহৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গৈছে।"
মহিলাৰ ওপৰত অত্যাচাৰৰ প্ৰতিবেদন
ইয়াৰ পূৰ্বে, তালিবানে আফগানিস্তান দখল কৰাৰ পিছত দেশখনৰ পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে ইয়াত থকা লোকসকলে দেশৰ যিকোনো ঠাইতে পলায়ন কৰিব বিচাৰে বুলি খবৰ পোৱা গৈছিল। যিসকলে এই সুযোগ লাভ কৰিছে তেওঁলোকে আফগানিস্তানৰ পৰিস্থিতিৰ বিষয়ে প্ৰকাশ কৰিছে।
তাৰ পৰা ভাৰতলৈ উভতি অহা এগৰাকী মহিলাই তালিবানৰ ভয়ংকৰ সত্য ব্যাখ্যা কৰিছে। মহিলাগৰাকীৰ মতে, তালিবানে ঘৰে ঘৰে গৈ ১২ বছৰৰ অধিক বয়সৰ ছোৱালী বিচাৰি আছে। তেওঁলোকে মৃত ছোৱালীবোৰকো তেওঁলোকৰ কামনাৰ ভুক্তভোগী কৰি তুলিছে। এই আচৰিত সত্যটো কোৱা মহিলাগৰাকী আফগান আৰক্ষী সেৱাত জড়িত আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|