মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »তালিবানে PhD ধাৰকক আঁতৰাই ‍BA পাছ কৰা যুৱকক বনালে কাবুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

তালিবানে PhD ধাৰকক আঁতৰাই ‍BA পাছ কৰা যুৱকক বনালে কাবুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

  তালিবানৰ এই কাৰ্যৰ প্ৰতিবাদত ৭০জন কৰ্মচাৰীয়ে পদত্যাগ কৰে।

তালিবানৰ এই কাৰ্যৰ প্ৰতিবাদত ৭০জন কৰ্মচাৰীয়ে পদত্যাগ কৰে।

তালিবানৰ এই কাৰ্যৰ প্ৰতিবাদত ৭০জন কৰ্মচাৰীয়ে পদত্যাগ কৰে।

  • Share this:

আফগানিস্তান দখল কৰি চৰকাৰ গঠন কৰাৰ পিছতে তালিবানে দেশৰ শিক্ষাৰ ক্ষেত্ৰত অদ্ভুত আদেশ জাৰি কৰা দেখা গৈছিল। তালিবানে শেহতীয়াকৈ কাবুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মুহাম্মদ উছমান বাবৰিক বৰ্খাস্ত কৰে। ই আচৰিত হ'বলগীয়া কথা নাছিল যদিও উপাচাৰ্যৰ ঠাইত নিযুক্ত কৰিছে বিএ ডিগ্ৰী থকা মুহাম্মাদ আশ্ৰাফ ঘাইৰাত নামৰ এগৰাকী লোকক।


ঘাইৰাত এতিয়া নতুন ভিচি কাবুল বিশ্ববিদ্যালয়ৰ। তালিবানৰ এই সিদ্ধান্তৰ প্ৰতিবাদত কাবুল বিশ্ববিদ্যালয়ৰ ৭০গৰাকী কৰ্মচাৰীয়ে পদত্যাগ কৰিছে। ছ'চিয়েল মিডিয়াতো ইয়াকে লৈ তীব্ৰ প্ৰতিবাদ হৈছে। তালিবানৰ এই কাৰ্যক সমালোচনা কৰাসকলৰ মতে যোৱা বছৰ ঘাইৰাতে এটা টুইটযোগে সাংবাদিকৰ হত্যাক ন্যায়সংগত বুলি উল্লেখ কৰিছিল।


খামা প্ৰেছ নিউজ এজেন্সীৰ প্ৰতিবেদন অনুসৰি, এজন যুৱ স্নাতক ডিগ্ৰী ধাৰকৰ নিযুক্তিৰ বাবে লোকসকল ক্ষুব্ধ হৈ পৰিছে। প্ৰবীণ পিএইচডি ধাৰকক আফগানিস্তানৰ প্ৰথম বিশ্ববিদ্যালয়ৰ মুৰব্বী হিচাপে স্থান দিয়া হৈছিল যদিও এতিয়া তালিবানৰ এই কাৰ্যই বিশ্বৰ শৈক্ষিক মহলত হাস্যৰসৰ উদ্ৰেক ঘটাইছে।

শেহতীয়া বাতৰি