শুক্ৰবাৰে টাইৱানৰ ন্যায়িক ব্যৱস্থাই সমলিংগ বিবাহক মান্যতা প্ৰদান কৰে । তাৰ লগে লগে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰা এছিয়াৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল টাইৱান। টাইৱানৰ আইনপ্ৰণেতাই সমলিংগৰ দম্পতিসকলক স্থায়ী ইউনিয়ন গঠন আৰু চৰকাৰী সংস্থাৰ সহযোগত বিবাহ পঞ্জীয়নৰ আবেদন কৰাৰ বাবে এক নতুন আইন প্ৰণয়ন কৰে । সমলিংগ বিবাহৰ বিষয়টোৰ সন্দৰ্ভত আজি টাইৱানৰ সংসদত অনুষ্ঠিত কৰা হয় ভোটদান । ভোটদানৰ সময়ত শতাধিক সমকামিতা সমৰ্থনকাৰীয়ে দেশখনৰ সংসদৰ সন্মুখত ভিৰ কৰাও পৰিলক্ষিত হয় ।
পিছত টাইৱানৰ শীৰ্ষ আদালতে বিষয়টোৰ সন্দৰ্ভত ৰায় প্ৰদান কৰি কয় যে, সমলিংগৰ বিবাহে কেতিয়াও দেশখনৰ সংবিধান অৱমাননা নকৰে। যদিহে এই বিবাহক মান্যতা প্ৰদান কৰা নহয় তেন্তে জনসাধাৰণৰ সমতাৰ অধিকাৰ খৰ্ব কৰা হ’ব বুলিও উল্লেখ কৰে দেশখনৰ সৰ্বোচ্চ আদালতে । টাইৱানৰ শীৰ্ষ আদালতে সমলিংগ বিবাহক অনুমতি প্ৰদানৰ উদ্দেশ্যে দেশখনৰ আইনপ্ৰণেতাক ২৪ মে’ৰ ভিতৰত সংবিধান সংশোধন কৰিবলৈও এক ডেডলাইন বান্ধি দিয়ে ।
বিষয়টোৰ সন্দৰ্ভত টাইৱানৰ ৰাষ্ট্ৰপতি Tsai Ing-wen–এ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সংসদত ভোটদান হোৱাৰ আগতে সমলিংগ বিবাহৰ প্ৰসংগই দেশখনৰ বিভিন্ন পৰিয়াল, প্ৰজন্ম আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মাজত বিভেদৰ সৃষ্টি কৰিছিল । কিন্তু আজি দেশখনত লোৱা এই ঐতিহাসিক সিদ্ধান্ত অন্য দেশ সমূহৰ বাবে এক অনুপ্ৰেৰণা হৈ ৰ’ব । ৰাষ্ট্ৰপতি গৰাকীৰ এনে মন্তব্যই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে ।
Published by: Dulu Medhi
FIRST PUBLISHED : May 17, 2019, 15:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।