মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»নীৰৱ মোদীৰ চাৰিখন বেংক পাছবুক জব্দ, ছুইজাৰলেণ্ড চৰকাৰৰ বৃহৎ পদক্ষেপ

নীৰৱ মোদীৰ চাৰিখন বেংক পাছবুক জব্দ, ছুইজাৰলেণ্ড চৰকাৰৰ বৃহৎ পদক্ষেপ

News18-Assam
Updated:June 27, 2019, 1:10 PM IST
নীৰৱ মোদীৰ চাৰিখন বেংক পাছবুক জব্দ, ছুইজাৰলেণ্ড চৰকাৰৰ বৃহৎ পদক্ষেপ
ভাৰতৰ চৰকাৰী বেংকৰ কোটি কোটি টকা আত্মসাৎ কৰি লণ্ডনলৈ পলায়ন কৰা হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ পদক্ষেপ।

ভাৰতৰ চৰকাৰী বেংকৰ কোটি কোটি টকা আত্মসাৎ কৰি লণ্ডনলৈ পলায়ন কৰা হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ পদক্ষেপ।

  • Share this:
পঞ্জাব নেচনেল বেংক কেলেংকাৰীত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোদীক লৈ পদক্ষেপ গ্ৰহণ কৰিছে ছুইজাৰলেণ্ড চৰকাৰে। নীৰৱ মোদীৰ চাৰিখন বেংক পাছবুক জব্দ কৰিছে ছুইজাৰলেণ্ড চৰকাৰে। ছুইজাৰলেণ্ড চৰকাৰৰ এই পদক্ষেপৰ পিছতে নীৰৱ মোদীৰ সৈতে জড়িত আন লোকেও তেওঁৰ একাউণ্টত জমা থকা টকা ব্যৱহাৰ কৰিব নোৱাৰিব। চৰকাৰৰ এই পদক্ষেপৰ পিছত নীৰৱ মোদীয়ে হেৰুৱাবলগীয়া হ’ব প্ৰায় ৬ মিলিটন ডলাৰৰ সম্পত্তি।

উল্লেখযোগ্য যে ভাৰতৰ চৰকাৰী বেংকৰ কোটি কোটি টকা আত্মসাৎ কৰি লণ্ডনলৈ পলায়ন কৰা হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ পদক্ষেপ। লণ্ডনৰ ৱেষ্টমিনষ্টাৰ ক’ৰ্টে নীৰৱ মোদীৰ জামিন চতুৰ্থবাৰৰ বাবে খাৰিজ কৰিছে। ফলত নীৰৱ মোদীয়ে লণ্ডৰ কাৰাগাৰতে অতিবাহিত কৰিবলগীয়া হৈছে দিন।

প্ৰায় ১৩ হাজাৰ কোটি টকা আত্মসাৎ কৰাৰ পিছতে বিগত ১৫ মাহ ধৰি পলাতক হৈ আছে নীৰৱ মোদী। নীৰৱ মোদীৰ ষড়যন্ত্ৰৰ বাবেই পঞ্জাব নেচনেল বেংকৰ আৰ্থিক গতি ৰুদ্ধ হৈ পৰিছিল। এই কেলেংকাৰীৰ পিছতে ভাৰতৰ পৰা পলায়ন কৰিছিল নীৰৱ মোদীয়ে। তেতিয়াৰে পৰা নীৰৱ মোদীক ভাৰতলৈ ওভতাই অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰতৰ পৰা পলায়ন কৰা নীৰৱ মোদী গ্ৰেপ্তাৰ হৈছিল লণ্ডনত।
First published: June 27, 2019, 1:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি