ছুইজাৰলেণ্ডে ভাৰতক দিলে ক’লা ধনৰ তালিকা, শংকিতহৈ বহুতে খালী কৰিছে একাউণ্ট!

২০১৮চনৰ পূৰ্বে বন্ধ কৰি দিয়াৰ ১০০টা একাউন্টৰ তথ্যও ছুইজাৰলেণ্ড চৰকাৰৰ হাতত আছে বুলি জানিবলৈ দিছে

News18-Assam
Updated:September 12, 2019, 11:45 AM IST
ছুইজাৰলেণ্ডে ভাৰতক দিলে ক’লা ধনৰ তালিকা, শংকিতহৈ বহুতে খালী কৰিছে একাউণ্ট!
Source-Google
News18-Assam
Updated: September 12, 2019, 11:45 AM IST
অভিযোগ অনুসৰি  বহু সংখ্যক ভাৰতীয়ই ছুইছ বেংকত ৰাখিছে বৃহৎ পৰিমাণৰ ক’লা ধন। কিন্তু এতিয়া এনে জমা ধনৰ তথ্য ভাৰত চৰকাৰক প্ৰদান কৰিবলৈ আগবাঢ়িছে ছুইছ বেংক কৰ্তৃপক্ষই। চেপ্তেম্বৰ মাহত ছুইজাৰলেণ্ডৰ পৰা কিছু প্ৰাৰম্ভিক তথ্য লাভ কৰে ভাৰত চৰকাৰে।ইতিমধ্যে ক’লা ধন থকা একাউণ্ট হ’ল্ডাৰৰ প্ৰথমখন তালিকা ভাৰতৰ হাতত দাখিল কৰিছে ছুইজাৰলেণ্ডে।  জানিব পৰা মতে, ছুইজাৰলেণ্ড চৰকাৰে তিনিটা শাখাত এই তথ্য দাঙি ধৰিছে। সেইকেইটা হৈছে, একাউন্টৰ গৰাকীৰ পৰিচয়, একাউন্টৰ নম্বৰ আৰু বিত্তীয় লেনদেন।

দেশখনৰ পৰা লাভ কৰা  এই তথ্যৰ ভিত্তিত এতিয়া ভাৰত চৰকাৰে বিদেশত অবৈধভাৱে ধন ৰখা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। কিন্তু শাস্তিৰ ভয়ত এতিয়া একাংশই ততাতৈয়াকৈ বন্ধ কৰিছে ছুইছ বেংকত থকা একাউণ্ট।

ছুইজাৰলেণ্ড চৰকাৰে তথ্য প্ৰকাশ কৰাৰ স্বয়ংক্ৰিয় ব্যৱস্থা অনুসৰি ভাৰত চৰকাৰক এই তথ্য প্ৰস্তুত কৰি দিছে। গোপনীয়তাৰ চৰ্ত সাপেক্ষে বেংক বিষয়া তথা নিয়ন্ত্ৰণকাৰী সংস্থাৰ সৈতে জড়িত বিষয়াই সদৰী কৰে যে ছুইজাৰলেণ্ডৰ পৰা তথ্যত প্ৰধানকৈ ব্যৱসায়ী তথা প্ৰবাসী ভাৰতীয় লোকৰ নাম সন্নিৱিষ্ট আছে। জানিব পৰা মতে, ছুইজাৰলেণ্ড চৰকাৰে তিনিটা শাখাত এই তথ্য দাঙি ধৰিছে। সেইকেইটা হৈছে, একাউন্টৰ গৰাকীৰ পৰিচয়, একাউন্টৰ নম্বৰ আৰু বিত্তীয় লেনদেন।
আৰু চাওক পৰৱৰ্তী বাতৰি