চিকিৎসা বিজ্ঞানত অসাধাৰণ আৱিষ্কাৰৰ বাবে স্বান্তে পাব’ নামৰ এগৰাকী চুইডিছ বিজ্ঞানীয়ে এইবৰ্ষৰ নোবেল বঁটা লাভ কৰে। সোমবাৰে এই ঘোষণা কৰিছে নোবেল কমিটীয়ে। তেওঁৰ আৱিষ্কাৰে প্ৰমাণ কৰিছিল যে আধুনিক মানুহৰ ডিএনএ ইয়াৰ বিলুপ্ত আত্মীয় নিয়াণ্ডাৰথাল আৰু ডেনিছোভানৰ সৈতে একে। তেওঁ মানৱ বিৱৰ্তনৰ বিষয়ে গৱেষণা কৰি মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্বন্ধীয় কেতবোৰ নতুন তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছে।
স্বান্তে পাব’ হৈছে ১৯৮২ চনত চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰা চুন বাৰ্গষ্ট্ৰমৰ পুত্ৰ। স্বান্তে পাব'ৰ আৱিস্কাৰে পেলিঅ'জিন'মিক্স নামেৰে বিজ্ঞানৰ নতুন শাখা এটাও মুকলি কৰিলে।
এই বঁটা ঘোষণা কৰি নোবেল সমিতিয়ে কয় যে বিজ্ঞানীসকলে বৰ্তমানৰ মানুহৰ বিলুপ্ত আত্মীয় নিয়াণ্ডাৰথালৰ জিনমক্ৰম অনুসৰণ কৰিছিল আৰু পূৰ্বতে অজ্ঞাত হোমিনিন, ডেনিছোভাৰ আৱিষ্কাৰ কৰিছিল। স্বান্তে পাব'ৰ গৱেষণাত কিদৰে প্ৰাচীন যুগৰ মানুহ, হ'মিনিনছৰ(প্ৰাচীন যুগৰ মানুহক হ'মিনিনছ বুলি কয়) পৰা হ'ম'চেপিয়েন্সলৈ বিৱৰ্তন হ'ল সেয়া উদ্ভাসিত হৈছে। হোমিনিনছৰ(Hominins) জিন'ম আৰু মানৱৰ ক্ৰম বিৱৰ্তন সম্পৰ্কীয় গৱেষণাৰ বাবে এই সৰ্বোচ্চ সন্মান আগবঢ়োৱা হৈছে এইগৰাকী জিনতত্ত্ববিদলৈ।
স্বান্তে পাব’ কোন হয়?জিনতত্ত্ববিদ স্বান্তে পাব’ৰ জন্ম ১৯৫৫ চনত ছুইডেনৰ ষ্টকহল্মত হৈছিল। তেওঁ বৰ্তমান লিপজিগৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ ইভোলিউছনেৰী এনথ্ৰ'পলজীৰ সঞ্চালক। তেওঁ উপসালা বিশ্ববিদ্যালয়ত চিকিৎসা অধ্যয়ন সম্পূৰ্ণ কৰে। ১৯৮০ চনত কোষ জীৱবিজ্ঞান, উপসালা আৰু ৰোচে ইনষ্টিটিউট ফৰ মলিকিউলাৰ বায়োলজী বিভাগত আংশিক সময়ৰ গৱেষণা আৰু অধ্যাপনা আৰম্ভ কৰিছিল। তেওঁ ১৯৮৬ চনত পিএইছডি ডিগ্ৰী লাভ কৰিছিল আৰু একে বৰ্ষতে অণু জীৱবিজ্ঞান ২ প্ৰতিষ্ঠানত পোষ্টডক্ট’ৰেল ডিগ্ৰী আৰম্ভ কৰিছিল।
পাব’ৱে নতুন কৌশলৰ বিকাশৰ নেতৃত্ব দিছে যিয়ে গৱেষকসকলক আধুনিক মানুহৰ জিন'ম আৰু অন্যান্য হোমিনিন–নিয়াণ্ডাৰথাল আৰু ডেনিছোভানৰ তুলনা কৰিবলৈ অনুমতি দিছিল।
নোবেল কমিটিয়ে ইয়াৰ ঘোষণাত কয় যে, ‘‘পাব’ৰ প্ৰাথমিক গৱেষণাই এক সম্পূৰ্ণ নতুন বৈজ্ঞানিক অনুশাসন পেলিঅ'জিনোমিক্স জন্ম দিছিল। সকলো জীৱিত মানুহক বিলুপ্ত হোমিনিনৰ পৰা পৃথক কৰা আনুবংশিক পাৰ্থক্যবোৰ প্ৰকাশ কৰি, তেওঁৰ আৱিষ্কাৰবোৰে মানুহক কিহে অনন্যভাৱে মানৱ কৰি তোলে তাক অন্বেষণ কৰাৰ আধাৰ প্ৰদান কৰে।’’
জানিব পৰা মতে অহা ১০ ডিচেম্বৰত তেখেতক এই বঁটাৰ লগতে ১০ নিযুত চুইডিছ ক্ৰ'নাৰ (প্ৰায় $ ৯০০০০০) প্ৰদান কৰা হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|