• Home
  • »
  • News
  • »
  • world
  • »
  • স্বান্তে পাবোলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, বিৱৰ্তন সম্পৰ্কীয় গৱেষণাৰ বাবে লাভ কৰিলে এই শ্ৰেষ্ঠ সন্মান

স্বান্তে পাবোলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, বিৱৰ্তন সম্পৰ্কীয় গৱেষণাৰ বাবে লাভ কৰিলে এই শ্ৰেষ্ঠ সন্মান

ছুইডেনৰ জিনীয় বিজ্ঞানী স্বান্তে পাবোক চিকিৎসা বা শৰীৰবিজ্ঞানৰ বাবে ২০২২ চনৰ নোবেল বঁটা প্ৰদান কৰা হয়।

ছুইডেনৰ জিনীয় বিজ্ঞানী স্বান্তে পাবোক চিকিৎসা বা শৰীৰবিজ্ঞানৰ বাবে ২০২২ চনৰ নোবেল বঁটা প্ৰদান কৰা হয়।

এই ঘোষণাৰ পিছতে মঙলবাৰে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা, বুধবাৰে ৰসায়ন বিজ্ঞান আৰু বৃহস্পতিবাৰে সাহিত্যৰ বঁটা প্ৰদান কৰা হ’ব। শুকুৰবাৰে ঘোষণা কৰা হ’ব শান্তিৰ নোবেল বঁটা আৰু ১০ অক্টোবৰত অৰ্থনীতি বঁটা।

  • Share this:
সোমবাৰে ছুইডেনৰ জিনীয় বিজ্ঞানী স্বান্তে পাবোক চিকিৎসা বা শৰীৰবিজ্ঞানৰ বাবে ২০২২ চনৰ নোবেল বঁটা প্ৰদান কৰা হয়। নোবেল বঁটা প্ৰদান সমিতিয়ে জনোৱা অনুসৰি, 'বিলুপ্ত হ’মিনিনৰ জিন’ম আৰু মানৱ বিৱৰ্তন সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে' স্বান্তে পাবোলৈ চিকিৎসা বিজ্ঞানৰ এই বঁটা আগবঢ়োৱা হৈছে।

বৈজ্ঞানিক জগতৰ আটাইতকৈ সন্মানীয় বঁটা হিচাপে গণ্য কৰা এই বঁটাটো ছুইডেনৰ কেৰ’লিনস্কা ইনষ্টিটিউটৰ নোবেল বিধানসভাই প্ৰদান কৰে আৰু ইয়াৰ মূল্য ১ কোটি ছুইডেন ক্ৰাউন (৯০০,৩৫৭ ডলাৰ)।

২০২২ চনৰ শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ #নবেল বঁটা প্ৰদান কৰা হৈছে স্বান্তে পাবোৰ “বিলুপ্ত হমিনিনৰ জিনম আৰু মানৱ বিৱৰ্তন সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে।”- বুলি নোবেল বঁটাৰ অফিচিয়েল একাউন্ট যোগে টুইট কৰে।


এই বঁটা ঘোষণা কৰি নোবেল বঁটা প্ৰদান সমিতিয়ে কয় যে, “তেওঁৰ অগ্ৰণী গৱেষণাৰ জৰিয়তে স্বান্তে পাবোৱে অসম্ভৱ যেন লগা কাম এটা সম্পন্ন কৰিলে: বৰ্তমানৰ মানুহৰ বিলুপ্ত আত্মীয় নিয়াণ্ডাৰথালৰ জিন’মৰ ক্ৰমবিন্যাস। তেওঁ পূৰ্বতে অজ্ঞাত হ’মিনিন ডেনিছ’ভাৰো চাঞ্চল্যকৰ আৱিষ্কাৰ কৰিছিল।”

বিবৃতিটোত লগতে কোৱা হৈছে যে, "স্বান্তে পাবোৰ গৱেষণাই এক সম্পূৰ্ণ নতুন বৈজ্ঞানিক শাখাৰ জন্ম দিলে; পেলিঅ’জিন’মিক্স। সকলো জীৱিত মানুহক বিলুপ্ত হ’মিনিনৰ পৰা পৃথক কৰা জিনীয় পাৰ্থক্যসমূহ উন্মোচন কৰি তেওঁৰ আৱিষ্কাৰসমূহে আমাক কিহৰ দ্বাৰা অনন্যভাৱে মানুহ কৰি তোলে, সেই বিষয়ে অন্বেষণৰ ভিত্তি প্ৰদান কৰে।”

কোভিড মহামাৰীয়ে চিকিৎসা গৱেষণাক কেন্দ্ৰীয় মঞ্চত স্থান দিয়াৰ সময়তো এই বঁটা প্ৰদান কৰা হৈছে। এই ঘোষণাৰ পিছতে মঙলবাৰে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা, বুধবাৰে ৰসায়ন বিজ্ঞান আৰু বৃহস্পতিবাৰে সাহিত্যৰ বঁটা প্ৰদান কৰা হ’ব। শুকুৰবাৰে ঘোষণা কৰা হ’ব শান্তিৰ নোবেল বঁটা আৰু ১০ অক্টোবৰত অৰ্থনীতি বঁটা।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি