তালিবানে আফগানিস্তানৰ শাসনৰ গাদী দখল কৰাৰ পিছৰে পৰা বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন ISIS(K)ৰে সংঘাত বৃদ্ধি পাইছে তালিবানৰ। কাবুল এয়াৰপ'ৰ্টত আত্মঘাতী বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা ISIS(K)ৰ বিৰুদ্ধে কঠোৰ হৈছে তালিবান।
ISIS(K)ৰ ঘাটি বিচাৰি তালিবানী অস্ত্ৰধাৰী বাহিনীয়ে ব্যাপক অভিযান চলোৱাৰ বিপৰীতে ISIS(K)য়েও লক্ষ্য কৰিছে তালিবানী সেনাক। দুয়োপক্ষৰ মাজত সংঘটিত হৈছে বহু সংঘৰ্ষ। কিন্তু তথাপি ISIS(K)ৰ সন্ত্ৰাসবাদীয়ে তালিবানক অশান্ত কৰিবৰ বাবে বিভিন্ন কূটাঘাত সংঘটিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ আফগানিস্তানৰ ৰাজধানীস্থ পাৱাৰগ্ৰিড (Power grid)ৰ এটা শক্তি প্ৰকল্পত অচিনাক্ত আক্ৰমণকাৰীয়ে ৰকেট নিক্ষেপ কৰি ধ্বংস কৰিছে। ISIS(K)ই বৰ্তমানলৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও এই আক্ৰমণৰ অন্তৰালত যে সংগঠনটো জড়িত সেয়া প্ৰায় নিশ্চিত।
উল্লেখযোগ্য যে আফগানিস্তানৰ শক্তিখণ্ডৰ বিকাশৰ বাবে ভাৰতে নিৰ্মাণ কৰা শক্তি প্ৰকল্পটো ধ্বংস কৰাৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে তালিবান চৰকাৰ। বৰ্তমান শক্তি প্ৰকল্পটোৰ ওপৰত ভাৰতৰ কোনো নিয়ন্ত্ৰণ নাই যদিও ভাৰতৰ সৈতে আফগানিস্তানৰ সু-সম্পৰ্ক থকাৰ সময়তে দেশখনৰ জনগণৰ বাবে ভাৰতে এই প্ৰকল্পটো নিৰ্মাণ কৰিছিল। এই প্ৰকল্পটো ধ্বংস হোৱাৰ ফলত বৰ্তমান আফগানিস্তানৰ বৃহৎ অঞ্চল অন্ধকাৰত ডুব যাব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|