আমাৰেই দুৰ্ভাগ্য, আমি জন্ম দিয়া পাকিস্তান আজি সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক!

News18-Assam
Updated:August 7, 2019, 10:24 PM IST
আমাৰেই দুৰ্ভাগ্য, আমি জন্ম দিয়া পাকিস্তান আজি সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক!
সুষমা স্বৰাজৰ মৃত্যুৰ পিছত কথাষাৰ আকৌ ব্যাপক ভাবে চৰ্চিত হৈছে ছচিয়েল মিডিয়াত।

সুষমা স্বৰাজৰ মৃত্যুৰ পিছত কথাষাৰ আকৌ ব্যাপক ভাবে চৰ্চিত হৈছে ছচিয়েল মিডিয়াত।

  • Share this:
ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানৰ প্ৰতিনিধিয়ে অভিযোগ কৰিছিল ‘ভাৰতবৰ্ষ সন্ত্ৰাসবাদৰ মাতৃভুমি’! ৰাষ্ট্ৰসংঘত পাকিস্তানৰ প্ৰতিনিধি মালিহা লোধীয়ে এনেদৰে ভাৰতৰ বিৰুদ্ধে কৰিছিল তীৰ্যক মন্তব্য। কিন্তু লোধীৰ এনে মন্তব্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছিল সেইসময়ৰ ভাৰতৰ বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে।

প্ৰত্যুত্তৰত সুষমা স্বৰাজে কৈছিল– ‘হয় আমাৰে দুৰ্ভাগ্য, আমি ১৯৪৭ চনৰ ১৪ আগষ্টত পাকিস্তানৰ দৰে এখন সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক ৰাষ্ট্ৰক জন্ম দিলো।’

কথাষাৰে সেই সময়ত ৰাষ্ট্ৰসংঘত বিশেষ তাৎপৰ্য বহন কৰিছিল। সুষমা স্বৰাজৰ মৃত্যুৰ পিছত কথাষাৰ আকৌ ব্যাপক ভাবে চৰ্চিত হৈছে ছচিয়েল মিডিয়াত।
First published: August 7, 2019, 10:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading