গ্ল’ভছ বিতৰ্কঃ ধোনীৰ সমৰ্থনত ৰাইনা ‘খেলপথাৰত দেখোন নামাজো হয়’!

ধোনীৰ সমৰ্থনত আগবাঢ়ি আহিল সুৰেশ ৰাইনা। ভাৰতীয় সেনাক সন্মান কৰে মহেন্দ্ৰ সিং ধোনিীয়ে। কোনো চমক দিবলৈ ধোনীয়ে পিন্ধা নাছিল ‘বলিদান’ ৰ চিহ্ন থকা গ্ল’ভছ

news18assam
Updated:June 7, 2019, 4:43 PM IST
গ্ল’ভছ বিতৰ্কঃ ধোনীৰ সমৰ্থনত ৰাইনা ‘খেলপথাৰত দেখোন নামাজো হয়’!
ধোনীৰ সমৰ্থনত আগবাঢ়ি আহিল সুৰেশ ৰাইনা। ভাৰতীয় সেনাক সন্মান কৰে মহেন্দ্ৰ সিং ধোনিীয়ে। কোনো চমক দিবলৈ ধোনীয়ে পিন্ধা নাছিল ‘বলিদান’ ৰ চিহ্ন থকা গ্ল’ভছ
news18assam
Updated: June 7, 2019, 4:43 PM IST
চলিত বিশ্বকাপৰ প্ৰথমখন মেচত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ গ্ল’ভছত দেখা গৈছিল পেৰা মিলিটেৰী ফ’ৰ্চৰ বেজত থকা ‘বলিদান’ চিহ্ন। এই বিষয়ক লৈ এতিয়া ছচিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা।আইচিচিয়েও এই বিষয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে বিচিচিআইলৈ।



এইবাৰ ধোনীৰ সমৰ্থনত আগবাঢ়ি আহিছে সুৰেশ ৰাইনা। ৰাইনাই কয় যে ধোনীj আছে ভাৰতীয় সেনাৰ প্ৰতি গভীৰ  শ্ৰদ্ধা। কোনো ধৰণৰ চমক সৃষ্টিৰ বাবে ভাৰতৰ প্ৰাক্তন অধিনায়ক ধোনীয়ে খেলপথাৰত বলিদান চিহ্ন সম্বলিত  উইকেটকিপিং গ্ল’ভছ পৰিধান কৰা নাছিল। ৰাইনাৰ বিশ্বাস যে ধোনীয়ে নিজৰ গ্ল’ভছৰ পৰা এই চিহ্ন আঁতৰ নকৰে। সেইদৰে এই বিষয়ে বিচিচিআই আৰু আইচিচিয়ে ধোনীক সমৰ্থনহে জনাব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সুৰেশ ৰাইনাই।



খেলপথাৰত ৰাইনাই নামাজ পঢ়া প্ৰসংগ উত্থাপন কৰি কয় যে– খেলপথাৰত যিদৰে নামাজ পঢ়া হয় বা দেশৰ আৰ্মীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়, সেই একেধৰণে ধোনীৰ এই কাৰ্যকো সকলোৱা সন্মান হে জনাব লাগে। যিকোনো পৰিস্থিতিতে ধোনীক সহযোগিতা কৰিব বুলিও জনায় ভাৰতীয় দলৰ ক্ৰিকেটাৰ গৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি