টিক টকৰ নিষেধাজ্ঞা উঠাই ল’বলৈ অসন্মত উচ্চতম ন্যায়ালয়, কোটি কোটি লোকক পাগল কৰা এপটোৰ সম্পূৰ্ণ কাহিনী

এই এপটোৰ ব্যৱহাৰেৰে ইতিমধ্যে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে। যাৰ বাবে এই এপটো আলোচনাৰ মাজত সোমাই পৰিছে

Dulu Medhi | news18assam
Updated:April 17, 2019, 5:59 PM IST
টিক টকৰ নিষেধাজ্ঞা উঠাই ল’বলৈ অসন্মত উচ্চতম ন্যায়ালয়, কোটি কোটি লোকক পাগল কৰা এপটোৰ সম্পূৰ্ণ কাহিনী
প্ৰতীকী ছবি
Dulu Medhi | news18assam
Updated: April 17, 2019, 5:59 PM IST
সোমবাৰে উচ্চতম ন্যায়ালয়ে টিক টক সন্দৰ্ভত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত বাধা দিয়াত অমান্তি হৈছে। ইয়াৰ পিছত টিক টক আইনী মেৰপাকৰ মাজত সোমাই পৰিছে। উচ্চতম ন্যায়ালয়ৰ এই সন্দৰ্ভত ২২ এপ্ৰিলত পৰৱৰ্তী শুনানি। চলিত মাহৰ আৰম্ভণিতে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ পৰা চীনৰ এপ টিক টক ডাউনলোড কৰাত নিষেধাজ্ঞা প্ৰদান কৰিছে। ইয়াৰ পিছত টিক টকে ক’লে যে ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস আছে।

বিগত দিনত এই এপটোৰ ব্যৱহাৰেৰে বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এই এপটো বিবাদৰ মাজত সোমাই পৰিছে। মনোবিজ্ঞানীকসকলৰ মতে এই এপটোৱে মানসিকভাৱে বেয়া প্ৰভাৱ পেলায়। দেওবাৰে এজন যুৱকে টিক টকৰ ভিডিঅ’ বনাই থকাৰ সময়তে নিজকে নিজে গুলী মাৰিছিল।

কি হয় টিক টক?

টিক টক এটা ছচিয়েল মিডিয়াৰ এপ হয়। ইয়াৰ জৰিয়তে স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে সৰু–সৰু ভিডিঅ’ বনাই আৰু শ্বেয়াৰ কৰে। ইয়াৰ এটা বিশেষ দিশ হ’ল ইয়াত ব্যৱহাৰকাৰীসকলে নিজৰ কণ্ঠত ভিডিঅ’ প্ৰচাৰ কৰিব নোৱাৰে। কেৱল নিজৰ ওঠ লৰাব লাগে মানে ‘লিপছিংক’ কৰিব লাগে। এই ভিডিঅ’ৰ সময়সীমা ১৫ ছেকেণ্ড।

টিক টক কেনেদৰে তৈয়াৰ হ’ল?
এই প্লেটফৰ্মটো আৰম্ভণিতে মিউজিকেলী(musically) নামেৰে উদ্বোধন হৈছিল। পিছত বাইটডান্সে মিউজিকেলীক টিক টক নামেৰে পুনঃউদ্বোধন কৰিলে। বিশ্বত বৰ্তমানলৈ এই এপটোক ১০০ কোটিতকৈ অধিক বাৰ ডাউনলোড কৰা হৈছে।

এই কোম্পানীটোৰ স্বত্বাধিকাৰী হ’ল বাইটডান্স(Bytedance)। এই কোম্পোনাটো বিশ্বৰ আটাইতকৈ বেছি ভেল্যু থকা ষ্টাৰ্টআপ কোম্পানীৰ ভিতৰত এটা। ইয়াৰ উপৰিও এই কোম্পানীটো অন্য এটা ছচিয়েল মিডিয়া এপৰো অধিকাৰী হয়। এই এপটোৰ নাম হ’ল ‘হেল্ল’। ইয়াৰ উপৰিও এটা নিউজ একগ্ৰীগেটৰ এপ নিউজ ৰিপাব্লিকৰ মালিকানা অধিকাৰো আছে বাইটডান্সৰ লগত।

বিশ্বৰ এপৰ ভিতৰত অন্যতম এপ টিক টক
মিডিয়াৰ তথ্য অনুসৰি ভাৰততে ১০০ মিলিয়নতকৈ অধিক লোক এই এপটো ডাউনলোড কৰিছে। ইক’নমিক টাইমছৰ তথ্য অনুসৰি এই এপটো প্ৰতিটো মাহত প্ৰায় ২০ মিলিয়ন(২ কোটি) ভাৰতীয় লোকে ব্যৱহাৰ কৰিছে।

বিশ্বজুৰি এই এপটো নৱপ্ৰজন্মৰ প্ৰথমটো পচন্দ। চেলিব্ৰেটীসকলো এই এপ ব্যৱহাৰত পিছ পৰি থকা নাই। বিশ্বৰ বহুকেইজন প্ৰসিদ্ধ কমেডিয়ান আৰু এথলীটেও এই এপটো ব্যৱহাৰত ব্যস্ত। ভাৰতীয় অভিনেত্ৰীৰ ভিতৰত শ্ৰদ্ধা কাপুৰ, টাইগাৰ শ্ৰফ আৰু নেহা কক্কৰ দৰে বলীউডৰ তাৰকাসকলেও এই এপটোৰ জৰিয়তে ভিডিঅ’ লিপছিংক কৰিছে।

গুগল প্লে’ ষ্টোৰত টিক টকৰ পৰিচয় 'Short videos for you' নামেৰে সন্নিৱিষ্ট কৰা হৈছে। ভাৰতত এই এপটো কিমান জনপ্ৰিয় হয়, তাৰ অনুমান ইয়াৰ জৰিয়তে কৰিব পাৰি যে প্ৰায় ৮০ লাখ লোকে এই এপটোক গুগল প্লে’ ষ্টোৰত ৰিভিউ কৰিছে।

কিয় বন্ধ হ’ল টিকটকঃ

আৰু চাওক পৰৱৰ্তী বাতৰি