Superfetation: গৰ্ভৱতী হৈ থকাৰ মাজতে আকৌ হ'ল গৰ্ভৱতী! জন্ম দিলে দুটি যমজ সন্তান

গৰ্ভৱতী হৈ থকাৰ মাজতে আকৌ গৰ্ভৱতী হ'ল মহিলা! চিকিৎসকে জনোৱা মতে, বিশ্বৰ মাত্ৰ ০.৩ শতাংশ মহিলাৰ ক্ষেত্ৰতহে এনেধৰণৰ ঘটনা ঘটে।
গৰ্ভৱতী হৈ থকাৰ মাজতে আকৌ গৰ্ভৱতী হ'ল মহিলা! চিকিৎসকে জনোৱা মতে, বিশ্বৰ মাত্ৰ ০.৩ শতাংশ মহিলাৰ ক্ষেত্ৰতহে এনেধৰণৰ ঘটনা ঘটে।
- News18 Assam
- Last Updated: April 2, 2021, 7:19 PM IST
ৰেবেকা ৰবাৰ্টচ নামৰ এই মহিলাৰ গৰ্ভত আছিলসন্তান। কিন্তু সেই অৱস্থাতে তেওঁ পুনৰ গৰ্ভৱতী হয়। প্ৰথমটো ভ্ৰুণত পুত্ৰ সন্তান থকাৰ বিপৰীতে দ্বিতীয়টো ভ্ৰুণত আছিল কন্যা সন্তান। উল্লেখ্য যে, গৰ্ভত যেতিয়া দুটা পৃথক পৃথক ডিম্বানু বেলেগ বেলেগ সময়ত নিষিক্ত হয়, তেতিয়াই এনে ধৰণৰ ঘটনা ঘটে।
যোৱা ১৭ ছেপ্তেম্বৰত মহিলাগৰাকীয়ে পুত্ৰ নোয়া আৰু কন্যা ৰোজালিক জন্ম দিয়ে। কিন্তু জন্ম দিয়া দুয়োটা সন্তানেই দেখাত বেলেগ বেলেগ। নোয়া সম্পূৰ্ণ সঠিক সময়ত জন্ম হোৱাৰ বিপৰীতে কন্যা ৰোজালিয়া ৭ মাহতে জন্ম হয়। গতিকে ৰোজালিয়াৰ শৰীৰৰ আকাৰ অত্যন্ত সৰু।সেইদৰে ওজনো কম।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া ইংলেণ্ডৰ দম্পত্তিটো ব্যাপক ভাবে চৰ্চিত হৈছে।