• Home
  • »
  • News
  • »
  • world
  • »
  • Sugar free Mangoes: পাকিস্তানত ওলাইছে ছুগাৰ ফ্ৰী আম, ডায়েবেটিছ ৰোগীয়ে নিশ্চিন্তমনে খাইছে এই ফল

Sugar free Mangoes: পাকিস্তানত ওলাইছে ছুগাৰ ফ্ৰী আম, ডায়েবেটিছ ৰোগীয়ে নিশ্চিন্তমনে খাইছে এই ফল

বহু গৱেষণা আৰু বিজ্ঞানসন্মত পৰিৱৰ্তনৰ (scientific modification )বাবে এম এইচ পানহৱাৰ ফাৰ্মখনক প্ৰয়োজন হৈছিল প্ৰায় পাঁচ বছৰ সময়।

বহু গৱেষণা আৰু বিজ্ঞানসন্মত পৰিৱৰ্তনৰ (scientific modification )বাবে এম এইচ পানহৱাৰ ফাৰ্মখনক প্ৰয়োজন হৈছিল প্ৰায় পাঁচ বছৰ সময়।

বহু গৱেষণা আৰু বিজ্ঞানসন্মত পৰিৱৰ্তনৰ (scientific modification )বাবে এম এইচ পানহৱাৰ ফাৰ্মখনক প্ৰয়োজন হৈছিল প্ৰায় পাঁচ বছৰ সময়।

  • Share this:

ফলৰ ৰজা আম। কিন্তু ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ বাবে আম খোৱাটো নিষিদ্ধ। এনে অৱস্থাত বতৰৰ ফলবিধক লৈ এটা আপচোচ থাকি যায় এনে ৰোগত ভোগা লোকসকলৰ। কিন্তু পাকিস্তানে বজাৰত উলিয়াইছে এক নতুন আম (mango), যাৰ সোৱাদ ডায়েবেটিছ ৰোগীসকলেও ল'ব পাৰে। কিয়নো ই ছুগাৰ ফ্ৰী (sugar-free)।


সিন্ধৰ তাণ্ডো আল্লাহয়াৰ(Sindh’s Tando Allahyar)ৰ এখন ব্যক্তিগত ফাৰ্মত উৎপাদন কৰা হৈছে এনে আম। এম এইচ পানহৱাৰ (M H Panhwar) নামৰ ফাৰ্মখনৰ পৰা ৩ প্ৰকাৰৰ ছুগাৰ ফ্ৰী আম উৎপাদন কৰা হৈছে। ইয়াৰ নামো দিয়া হৈছে সোনাৰো, গ্লেন, কেইট।


কিন্তু সহজতে এই আম বজাৰলৈ উলিয়াই দিয়া সম্ভৱ হোৱা নাছিল। বহু গৱেষণা আৰু বিজ্ঞানসন্মত পৰিৱৰ্তনৰ (scientific modification )বাবে এম এইচ পানহৱাৰ ফাৰ্মখনক প্ৰয়োজন হৈছিল প্ৰায় পাঁচ বছৰ সময়। সংবাদ প্ৰতিষ্ঠান এ আৰ ৱাই নিউজৰ সাংবাদিকৰে হোৱা কথা–বাৰ্তাত ফাৰ্মখন স্বত্বাধিকাৰীৰ ভতিজাক, আম বিশেষজ্ঞ গোলাম চাৰৱাৰে কয় যে তেওঁৰ ডাঙৰ খুৰাক এম এইচ পানহৱাৰ জৈৱিক কৃষিৰ ওপৰত কৰা কাৰ্যৰ বাবে জনাজাত আৰু তেওঁ ফলমূলৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণামূলক প্ৰবন্ধ আৰু মেনুৱেল প্ৰস্তুত কৰিছিল। আনকি পাকিস্তান চৰকাৰেও আম আৰু কলকে ধৰি ফল সম্পৰ্কীয় গৱেষণাৰ বাবে পানহৱাৰক চিতাৰা-ই-ইমতিয়াজ সন্মান প্ৰদান কৰিছিল।


তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পথ অনুসৰণ কৰে ভতিজাক গোলামে বিদেশৰ পৰা আম আমদানি কৰাৰ পিছত ইয়াক ছুগাৰ ফ্ৰী আমলৈ পৰিৱৰ্তন কৰিছিল। উল্লেখ্য, তেওঁলোকৰ ফাৰ্মত ৩০০ একৰ ভূমিত ৪৪টা প্ৰকাৰৰ আম উপলব্ধ। গোলামে কয় যে ডায়েবেটিচ থকা লোকসকলৰ বাবে এই আম আদৰ্শ ৰূপে পৰিচিত হৈছে। তেওঁ কয় যে আমত ১২ৰ পৰা ১৫ শতাংশ চেনি থাকে, কিন্তু এই আমত মাত্ৰ ৪ৰ পৰা ৫ শতাংশ চেনি আছে। আনহাতে ডায়েবেটিচ ৰোগীসকলে চিকিৎসাৰ দৃষ্টিকোণ অনুসৰি ৬ শতাংশলৈকে চেনি গ্ৰহণ কৰিব পাৰে। উল্লেখ্য, আন আমৰ দৰেই ইয়াক সহজলভ্য কৰাৰ বাবে এই আমৰ মূল্য মাত্ৰ ১৫০ টকা কৰিছে প্ৰতি কিলোগ্ৰামত।

Published by:Gautam Barman
First published: