ছুদানত (Sudan Conflict)ত চলি থকা সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ সংঘৰ্ষ অব্যাহত আছে। এনে অৱস্থাত ভাৰতে ছুদানত আবদ্ধ নিজৰ নাগৰিকসকলক সুকলমে ওভতাই অনাৰ চেষ্টাত ব্ৰতী হৈছে। মিছৰ, ফ্ৰান্স আৰু আন দেশৰ সহায়ত সকলো অবদ্ধ যাত্ৰীক উদ্ধাৰ কৰাৰ চেষ্টা চলাইছে। ফ্ৰান্সেও হিংসাগ্ৰস্ত ছুদানৰ পৰা একাংশ ভাৰতীয় নাগৰিকসহ ২৮খন দেশৰ লোকক সুকলমে উদ্ধাৰ কৰাৰ কাম কৰিছে। আনহাতে, ভাৰতেও অপাৰেচন কাৱেৰী (Operation Kaveri)ৰ জৰিয়তে ছুদানত আবদ্ধ লোকৰ প্ৰথমটো উদ্ধাৰ কৰি আনিছে। প্ৰথমটো দলত ২৭৮জন লোক আছে, এই দলটো ছুদান বন্দৰৰ পৰা জেদ্দাহলৈ আইএনএছ সুমেধা (INS Sumedha)ত উঠি ৰাওনা হৈছে।
ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত টুইত কৰি সদৰি কৰা হৈছে যে আইএনএছ সুমেধাৰ জৰিয়তে ২৭৮জন লোকক ছুদান বন্দৰৰ পৰা জেদ্দাহলৈ নিয়া হৈছে। এই সকলো ভাৰতীয় ছুদানত আবদ্ধ হৈ আছিল।
উল্লেখযোগ্য যে ছুদানৰ হিংসাত এতিয়ালৈ ৪১৩জনৰো অধিক লোকৰ মৃত্যু হৈছে। আনহাতে, ৩৫৫১জনৰো অধিক লোক আহত হৈছে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই এই সংখ্যা নিশ্চিত কৰিছে। এনে অৱস্থাত তাত থকা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে উলিয়াই অনাৰ পদক্ষেপ লোৱা হৈছে।
নতুন দিল্লীস্থিত ফ্ৰান্সৰ দূতাবাসে সোমবাৰে কৈছিল যে ভাৰতসহ ২৮খন দেশৰ ৩৮৮জন লোকক উলিয়াই অনা হৈছে। দূতাবাসে টুইট কৰি কয় যে ফ্ৰান্সৰ অভিযান অব্যাহত আছে। কালি নিশা দুখন সেনা বাহিনীৰ বিমানেৰে ভাৰতীয় নাগৰিকসহ ২৮খন দেশৰ ৩৮৮জন লোকক উদ্ধাৰ কৰা হয়। এই অভিযানত উদ্ধাৰ কৰা ভাৰতীয় নাগৰিকৰ সংখ্যা জানিব পৰা হোৱা নাই।
শুকুৰবাৰে এক উচ্চস্তৰীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুদানৰ পৰা ৩০০০ৰো অধিক ভাৰতীয়ক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ পৰিকল্পনাৰ প্ৰস্তুতিৰ নিৰ্দেশ দিছিল। বৃহস্পতিবাৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটাৰেছৰ সৈতে ছুদানৰ স্থিতি সন্দৰ্ভত আলোচনা কৰিছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 25, 2023, 17:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।