• Home
  • »
  • News
  • »
  • world
  • »
  • Sex During Online Class : অনলাইন ক্লাছৰ মাজতে কৰিছিল ছেক্স, পাহৰি গ'ল কেমেৰা বন্ধ কৰিব...

Sex During Online Class : অনলাইন ক্লাছৰ মাজতে কৰিছিল ছেক্স, পাহৰি গ'ল কেমেৰা বন্ধ কৰিব...

representative image

representative image

পিছতে ছাত্ৰজনে এই কাণ্ডৰ বাবে প্ৰফেছাৰ আৰু অন্য ছাত্ৰসকলৰ ওচৰত লিখিতৰূপত ক্ষমা বিচাৰে। এই কথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষইও স্বীকাৰ কৰিছে।

  • Share this:
COVID-19ৰ বাবে ঘৰৰ পৰাই কাম (work from home) আৰু অনলাইন ক্লাছ (online class) আদি এতিয়া সাধাৰণ কথা হৈ পৰিছে। কিন্তু এই কাৰবাৰটোৰ বাবে নানা নঘটিবলগীয়া কাণ্ডও ঘটিছে যিবোৰ হয়তো মানুহে সহজে পাহৰিব নোৱাৰিব। তেনে এক আজৱ কাণ্ড ঘটিল অনলাইন ক্লাছৰ সময়ত। বিশ্ব বিদ্যালয়ৰ এজন ছাত্ৰই নিজৰ পাৰ্টনাৰৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি থকা দৃশ্য কেমেৰাত বন্দী হ'ল অনলাইন ক্লাছৰ মাজতে। প্ৰফেছাৰৰ কেইবাটাও ধমকিৰ পাছতহে সম্বিত ঘুৰাই পায় ছাত্ৰজনে। পিছে এই ভিডিঅ' ভাইৰেল হৈ পৰি ছচিয়েল মিডিয়াত। এই কাণ্ড সংঘটিত হৈছে ভিয়েটনাম (VIETNAM)ৰ হো চি মিন চহৰৰ এখন বিশ্ব বিদ্যেলয়ৰ অনলাইন ক্লাছৰ সময়ত।

স্থানীয় সংবাদমাধ্যমৰ খবৰ মতে ছাত্ৰজনে কেমেৰা বন্ধ কৰিবলৈ পাহৰি গৈছিল। ছাত্ৰ আৰু প্ৰফেছাৰ সকলোৱে দেখি থাকিল এই কাণ্ড। নিজৰ আশ্চৰ্য প্ৰকাশ কৰি অধ্যাপকজনে কয় যে তেওঁ কেনেকৈ ক্লাছৰ সময়ত নিজৰ গাৰ্লফ্ৰেইণ্ডক লৈ এনে কৰ্ম কৰিব পাৰিলে! যোৱা সপ্তাহত এই ভিডিঅ'টোৰ এটা ক্লিপ ভাইৰেল (Viral Video) হৈ পৰে।

অধ্যাপকজনৰ বাৰম্বাৰ ধমকিৰ পিছত কোনোমতে সম্বিত ঘুৰাই পাই ছাত্ৰজনে লগে লগে কেমেৰা অফ কৰিবলৈ দৌৰি আহে। তাৰ পিছতে ছাত্ৰজনে এই কাণ্ডৰ বাবে প্ৰফেছাৰ আৰু অন্য ছাত্ৰসকলৰ ওচৰত লিখিতৰূপত ক্ষমা বিচাৰে। এই কথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষইও স্বীকাৰ কৰিছে আৰু ভিডিঅ'টো ছেয়াৰ নকৰিবলৈ আহ্বান জনাইছে।

এই ঘটনাটোৱে আমাক যোৱা ফেব্ৰুৱাৰী মাহত সংঘটিত "Shweta, your mic is on" ঘটনাৰ কথা মনত পেলাই দিয়ে। এই ঘটনাটোত যুৱতীগৰাকীয়ে এজন যুৱকৰ নক'বলগীয়া কথা পাতি আছিল আনৰ সৈতে যি কথা যুৱকজনে গোপনে ৰাখিবলৈ কৈছিল শ্বেতাক।
Published by:Manjumoni Borah
First published: