• Home
  • »
  • News
  • »
  • world
  • »
  • ইণ্ডোনেছিয়াত ভয়ংকৰ ভূমিকম্প! ৫.৬ প্ৰাবল্যৰ জোকাৰণিত প্ৰায় ২০ জনৰ মৃত্যু, ৩০০ জন আহত

ইণ্ডোনেছিয়াত ভয়ংকৰ ভূমিকম্প! ৫.৬ প্ৰাবল্যৰ জোকাৰণিত প্ৰায় ২০ জনৰ মৃত্যু, ৩০০ জন আহত

ইণ্ডোনেছিয়াত ভয়ংকৰ ভূমিকম্প! ৫.৬ প্ৰাবল্যৰ জোকাৰণিত প্ৰায় ২০ জন লোকৰ মৃত্যু, ৩০০ জন আহত

ইণ্ডোনেছিয়াত ভয়ংকৰ ভূমিকম্প! ৫.৬ প্ৰাবল্যৰ জোকাৰণিত প্ৰায় ২০ জন লোকৰ মৃত্যু, ৩০০ জন আহত

পশ্চিম জাভাৰ চিয়ানজুৰত ১০ কিলোমিটাৰ (৬.২১ মাইল) গভীৰতাত স্থলভাগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আৰু চুনামীৰ কোনো সম্ভাৱনা নাই বুলি বিএমকেজিয়ে জনাইছে।

  • Share this:
ইণ্ডোনেছিয়াৰ মূল দ্বীপ জাভাত সোমবাৰে হোৱা ভূমিকম্পত প্ৰায় ২০ জন লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হৈছে।

“এতিয়াৰ বাবে যি তথ্য পাইছো, কেৱল এই চিকিৎসালয়খনত প্ৰায় ২০ জন লোকৰ মৃত্যু হৈছে আৰু কমেও ৩০০ লোকৰ চিকিৎসা চলি আছে। ইয়াৰে অধিকাংশই অট্টালিকাৰ ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ ফলত আৰু ভাঙি যোৱাৰ ফলত সংঘটিত হৈছিল।’- বুলি চিয়ানজুৰৰ প্ৰশাসনৰ মুৰব্বী হাৰ্মান চুহাৰমানে সম্প্ৰচাৰক মেট্ৰ’ টিভিক এইদৰে কয়।

পশ্চিম জাভাৰ চিয়ানজুৰত ১০ কিলোমিটাৰ (৬.২১ মাইল) গভীৰতাত স্থলভাগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আৰু চুনামীৰ কোনো সম্ভাৱনা নাই বুলি বিএমকেজিয়ে জনাইছে।

২২ বছৰীয়া অধিবক্তা মায়াদিতা ৱালুয়োৱে জনোৱা অনুসৰি ভূমিকম্পৰ সময়ত আতংকিত হৈ শ্ৰমিকসকলে নিজৰ অট্টালিকাৰ পৰা প্ৰস্থানৰ বাবে দৌৰিছিল।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, জাকাৰ্টাৰ কেন্দ্ৰীয় ব্যৱসায়িক জিলাৰ কাৰ্যালয় খালী কৰাৰ বিপৰীতে কিছুমানে অট্টালিকাত কম্পন অনুভৱ কৰা আৰু আচবাব লৰচৰ কৰা দেখাৰ কথা জনাইছে।

“মই কাম কৰি আছিলো যেতিয়া মোৰ তলৰ মজিয়াখন লৰচৰ কৰি আছিল। কঁপনিটো স্পষ্টকৈ অনুভৱ কৰিব পাৰিলোঁ। মই একো কৰিবলৈ চেষ্টা কৰা নাছিলো যদিও ই আৰু শক্তিশালী হৈ পৰিছিল আৰু কিছুসময় ধৰি চলিছিল।’- বুলি মহিলাগৰাকীয়ে কয়।

“এতিয়া মোৰ অলপ মূৰ ঘূৰোৱা যেন লাগিছে আৰু ভৰি দুখনও অলপ সংকীৰ্ণ হৈ পৰিছে কাৰণ মই ১৪ নং মহলাৰ পৰা তললৈ নামিবলগীয়া হৈছিল।” বুলিও মহিলাগৰাকীয়ে প্ৰকাশ কৰে।

ইণ্ডোনেছিয়া প্ৰশান্ত মহাসাগৰীয় “ৰিং অৱ ফায়াৰ”ত অৱস্থিত হোৱাৰ বাবে সঘনাই ভূমিকম্প আৰু আগ্নেয়গিৰিৰ কাৰ্য্যকলাপৰ সন্মুখীন হয়, য’ত টেকটনিক প্লেটসমূহৰ সংঘৰ্ষ হয়।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি