মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »এগৰাকী এনে মহিলা ফটোগ্ৰাফাৰ, যি চকুৰে নেদেখে অথচ কেমেৰাৰে তোলে সুন্দৰ ফটো, কিদৰে সম্ভৱ কৰে এয়া?

এগৰাকী এনে মহিলা ফটোগ্ৰাফাৰ, যি চকুৰে নেদেখে অথচ কেমেৰাৰে তোলে সুন্দৰ ফটো, কিদৰে সম্ভৱ কৰে এয়া?

Egyptian blind photographer: কিন্তু অন্ধ মানুহৰ বাবে ফটোগ্ৰাফী কদাচিত সম্ভৱ নহয় বোলা কথাটোকে তেওঁ সম্ভৱ কৰি তুলিছে।

Egyptian blind photographer: কিন্তু অন্ধ মানুহৰ বাবে ফটোগ্ৰাফী কদাচিত সম্ভৱ নহয় বোলা কথাটোকে তেওঁ সম্ভৱ কৰি তুলিছে।

Egyptian blind photographer: কিন্তু অন্ধ মানুহৰ বাবে ফটোগ্ৰাফী কদাচিত সম্ভৱ নহয় বোলা কথাটোকে তেওঁ সম্ভৱ কৰি তুলিছে।

  • Share this:

পৃথিৱীত এনে বহু সত্য আছে, যিয়ে স্বাভাৱিকতে অবাক কৰিব পাৰে আপোনাক। কিন্তু সাধনা আৰু পৰিশ্ৰমৰ ফলত নিজকে অসাধাৰণ ৰূপত উদ্ভাসিত কৰা ঘটনা আৰু আকৰ্ষণীয় তথা অনুপ্ৰেৰণামূলক। এনে এক সঁচা কাহিনীৰ ৰূপকাৰ হৈছে এগৰাকী মহিলা ফটোগ্ৰাফাৰ (photographer)। কিন্তু তেওঁ অন্ধ।


ইজিপ্তৰ এচাৰা ইছমাইল (Esra Ismail) নামৰ এই দৃষ্টিহীন মহিলাগৰাকী এগৰাকী ভাল ফটোগ্ৰাফাৰ ৰূপে জনপ্ৰিয়। কিন্তু অন্ধ মানুহৰ বাবে ফটোগ্ৰাফী কদাচিত সম্ভৱ নহয় বোলা কথাটোকে তেওঁ সম্ভব কৰি তুলিছে। ফটোগ্ৰাফীৰ বাবে পোহৰ, কোণ, কেমেৰা ছেটিংছৰ দৰে প্ৰক্ৰিয়াবোৰ এচৰাই দৃষ্টি অবিহনে কৰে।


দেশৰ প্ৰথম অন্ধ ফটোগ্ৰাফাৰ
এচাৰা এতিয়া এগৰাকী অন্ধ ফটোগ্ৰাফাৰ হোৱাৰ বাবে বিখ্যাত আৰু এই কৃতিত্ব অৰ্জন কৰা তেওঁৰ দেশৰ (Egypt) প্ৰথমগৰাকী মহিলা। ফটোগ্ৰাফী ভাল পাইছিল বাবে অশেষ চেষ্টাৰ অন্তত তেওঁ ইয়াক আয়ত্তলৈ আনিছিল। এচাৰাৰ বয়স এতিয়া ২২ বছৰ আৰু তেওঁ আলেকজেন্দ্ৰিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল।


তেওঁ ফটো কেনেদৰে তোলে?
তেওঁ প্ৰথমে ফটোগ্ৰাফীৰ সকলো প্ৰক্ৰিয়া শিকিছিল। মানসিকভাৱে সকলো টেকনিক এনেদৰে শিকি পেলাইছিল যে তেওঁ এতিয়া যিকোনো বস্তুৰ ফটো সহজে ক্লিক কৰে। তেওঁ কেমেৰাৰ লেন্স বা আন ছেটিং শব্দৰ জৰিয়তে কৰে। দৃষ্টি নহয় শ্ৰৱণৰ মাজেৰে কৰে ফটোগ্ৰাফীৰ কাম-কাজ। ফটো তুলিব লগা ব্যক্তিৰ পৰা অহা শব্দ অনুসৰণ কৰি দূৰত্ব বাছনি কৰে। আগতে,  এয়া তেওঁৰ বাবে কঠিন আছিল, কিন্তু তেওঁৰ কঠোৰ পৰিশ্ৰমে তেওঁক সাৰ্থকতা দিয়ে।


উল্লেখ্য, ভাৰততো দৃষ্টিহীন ফটোগ্ৰাফাৰ (blind photographer) আছে। প্ৰণৱ লাল এনে এগৰাকী ফটোগ্ৰাফাৰ যি দৃষ্টিহীন, কিন্তু এজন মহান ফটোগ্ৰাফাৰ। ইয়াৰ উপৰি জাৰ্মানীৰ বাৰ্লিনত বাস কৰা ফটোগ্ৰাফাৰ চিলিয়া কৰ্নো এনে এগৰাকী ফটোগ্ৰাফাৰ।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি