থিয় হৈও আপুনি বিমানত কৰিব পাৰিব ভ্ৰমণ! সত্য কি?

বিমানত যাত্ৰা কৰিবলৈ ছীট বুক কৰিবৰ প্ৰয়োজন নাই, এই খবৰটো দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে চাৰিওফালে। বাছ আৰু মেট্ৰ’ৰ দৰে আপুনি বিমানটো থিয় হৈ যাব পাৰিব।

news18assam
Updated:July 1, 2019, 1:57 PM IST
থিয় হৈও আপুনি বিমানত কৰিব পাৰিব ভ্ৰমণ! সত্য কি?
বিমানত যাত্ৰা কৰিবলৈ ছীট বুক কৰিবৰ প্ৰয়োজন নাই, এই খবৰটো দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে চাৰিওফালে। বাছ আৰু মেট্ৰ’ৰ দৰে আপুনি বিমানটো থিয় হৈ যাব পাৰিব।
news18assam
Updated: July 1, 2019, 1:57 PM IST
যাতায়তৰ ক্ষেত্ৰত বিমানৰ যাত্ৰা আন সেৱাতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। বিমানত উঠি যাত্ৰা কৰাটো বিলাসী জীৱন কটোৱাৰ দৰে কিন্তু এতিয়াৰে পৰা পৰিৱৰ্তন হ’ল বিমানৰ যাত্ৰা। ছচিয়েল মিডিয়াত এটা খবৰ দ্ৰতগতিত বিয়পিছে যে, বিমানত যাত্ৰা কৰিবলৈ ছীট বুক কৰিবৰ প্ৰয়োজন নাই। বাছ আৰু মেট্ৰ’ৰ দৰে আপুনি বিমানটো থিয় হৈ যাব পাৰিব।

জানো আহক এই কথাটো কিমান সঁচা কিমান মিছা
ইটালীৰ Aviointerers নামৰ কোম্পানীয়ে লৈ আহিছে Standing Seat। ইয়াৰ নাম হ’ল SkyRider 3.0 । চলিত বছৰৰ এপ্ৰিল মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা Aircraft Interiors Expo 2019ত কোম্পানীয়ে Standing Seatৰ প্ৰদৰ্শনী কৰিছিল আৰু তেতিয়াৰে পৰা এই বিষয়টো আলোচনাৰ মাজতে সোমাই পৰিছে।

এই Standing Seat বিমানৰ অন্য ছীটতকৈ পৃথক। চাইকেলৰ ছীটৰ দৰে এই ছীটসমূহ কম্পেক্ট। ২৩ ইঞ্চিৰ এই ছীট ইকন’মী ছীটতকৈ কম ঠাই আগুৰে। কোম্পানীয়ে জনোৱা মতে এই ছীটসমূহৰ Slim design economy classৰ বাবে যাত্ৰীৰ সংখ্যা ২০ শতাংশলৈ বৃদ্ধি হ’ব।

ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে এই ছীটসমূহৰ ডিজাইন

 



 



ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে এই ছীটসমূহৰ ডিজাইন
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বহুজনৰ Standing Seatৰ ধাৰণা অনন্য কিন্তু যিসকল লোকে এইসমূহ ছীটসমূহ ট্ৰাই কৰিছে সেইসকলে এই Standing Seatক Torture chamber বুলি মন্তব্য কৰিছে। বহুতে কৈছে যে এই ছীটসমূহ ইমান সৰু যে গোটেই শৰীৰটো খাপ নাখায়। ১০ মিনিটকৈ অধিক সময় সেই ছীটত বহাটো অসম্ভৱ।

 



 



 



বৰ্তমান বিমানত Standing Seat প্ৰদান কৰাটে এক ধাৰণাহে কাৰণ কোম্পানীয়ে বৰ্তমানলৈ এই ছীট বিক্ৰী কৰিবলৈ গ্ৰাহক পোৱা নাই। NEWS18ৰ তদন্তত এই ভাইৰেল খবৰটো সত্য বুলি প্ৰমাণিত হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি