উৰণৰ ৪ মিনিট পিছতে নিখোঁজ ৬২জন লোক কঢ়িয়াই নিয়া যাত্ৰীবাহী বিমান, অভিযান অব্যাহত

প্ৰাথমিক খবৰ অনুসৰি, বিমানখন প্ৰায় ২৬ বছৰ পুৰণি।
প্ৰাথমিক খবৰ অনুসৰি, বিমানখন প্ৰায় ২৬ বছৰ পুৰণি।
- News18 Assam
- Last Updated: January 10, 2021, 12:21 PM IST
প্ৰাথমিক খবৰ অনুসৰি, বিমানখন প্ৰায় ২৬ বছৰ পুৰণি। বিমানখন ছিঅ’কৰ্ণো হাট্ৰা আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা যাত্ৰী আৰম্ভ কৰে জাকাৰ্টাৰ সময় অনুসৰি ৬.৩৭ বজাত। ১০ হাজাৰ ফুট ওপৰেৰে যাত্ৰা কৰিছিল বিমানখন। অন্তিমবাৰ সংযোগ স্থাপনৰ সময়ত ভূ–পৃষ্ঠৰ পৰা বিমানখনৰ দূৰত্ব আছিল ১১ হাজাৰ ফুট।
ইণ্ডোনেছিয়াৰ পৰিবহণ মন্ত্ৰণালয়ৰ মুখপাত্ৰ আদিত্য ইৰাবতীয়ে এক বিবৃতিত জনায়, তন্ন–তন্নকৈ অভিযান চলোৱা হৈছে বিমানখনৰ সন্ধানত। বিমানখন অপহৰণ কৰা হৈছে নে দুৰ্ঘটনাত পতিত হৈছে সেই কথা এতিয়াও অস্পষ্ট।