Srilanka Airlines Offer : এটা টিকট কিনিলে এটা টিকট ফ্ৰী ! ভাৰতীয় পৰ্যটকৰ বাবে এই বিশেষ অফাৰ। Srilanka Airlines Buy One Get One Free Ticket Offer : কোভিড ভেকচিনৰ দুটা ডোজ লোৱা ভাৰতীয় সকলক এতিয়া স্বাগতম জনাইছে শ্ৰীলংকাই।
শুনাত আচৰিত যেন লাগিলেও এয়াই সচাঁ, বজাৰত দিয়া By one get one free ৰ দৰে অফাৰ লৈ আহিছে এটি বিদেশী বিমান সন্থাই। পৰ্যটকক আকৰ্ষণ কৰিবলৈ এই অভিনৱ পন্থাৰ ঘোষণা কৰিছে শ্ৰীলংকান (Srilankan Airlines) এয়াৰলাইন্চে।
উল্লেখযোগ্য যে বিগত কেইবামাহৰ পৰা কোভিডৰ বাবে ভাৰতৰ পৰা শ্ৰীলংকাৰ বিমান চলাচল বন্ধ হৈ আছিল। বৰ্তমানে সেই বন্ধ হৈ থকা ভাৰত-শ্ৰীলংকা ( India-Srilanka Flight) বিমান সেৱা পুনৰ আৰম্ভ হ'ব। যিসকলে কোভিড ভেকচিনৰ দুয়োটা Dose লৈছে, সেই সকল ভাৰতীৰ বাবে তেওঁলোকৰ দেশত প্ৰৱেশৰ অনুমতি দিব শ্ৰীলংকা চৰকাৰে। যাত্ৰী সকলৰ কেৱল প্ৰয়োজন কোভিড নিগেটিভ ( PCR test report) ৰিপোৰ্ট আৰু সেয়া শ্ৰীলংকা যোৱাৰ ৭২ ঘন্টাৰ ভিতৰত হ'ব লাগিব। ইয়াৰ উপৰিও শ্ৰীলংকাত উপস্থিত হোৱা যাত্ৰী অন এৰাইভেল কোভিড পৰীক্ষাৰ বাবেও সাজু থাকিব লাগিব। শ্ৰীলংকাৰ হাইকমিচনৰ সূত্ৰত এই তথ্য প্ৰকাশ কৰা হৈছে।
কিন্তু ইয়াৰ মাজতে সুখৰ খবৰ এয়া যে দক্ষিণ এছিয়াৰ এয়াৰলাইন্চ বোৰৰ ভিতৰত অন্যতম শ্ৰীলংকান এয়াৰলাইন্চে ভাৰতীয় যাত্ৰীৰ বাবে লৈ আহিছে বিশেষ অফাৰ। ৩১ অক্টোবৰ ২০২১ৰ ভিতৰত ভাৰতৰ পৰা শ্ৰীলংকালৈ যাত্ৰা কৰিলে Srilankan Airlines য়ে এটা টিকট কিনিলে এটা টিকট ফ্ৰি(By one get one free) দিয়াৰ ব্যৱস্থা কৰিছে।