মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »শ্ৰীলংকাৰ দখলত এছিয়া কাপ ২০২২ৰ চেম্পিয়নৰ খিতাপ; ২৩ ৰাণৰ ব্যৱধানত পৰাজিত হৈ ৰাণাৰ-আপ পাকিস্তান

শ্ৰীলংকাৰ দখলত এছিয়া কাপ ২০২২ৰ চেম্পিয়নৰ খিতাপ; ২৩ ৰাণৰ ব্যৱধানত পৰাজিত হৈ ৰাণাৰ-আপ পাকিস্তান

এছিয়া কাপৰ ফাইনেল খেলখনত শ্ৰীলংকাই প্ৰথমে খেলি ৬ টা উইকেটত ১৭০ ৰাণ সংগ্ৰহ কৰে।

এছিয়া কাপৰ ফাইনেল খেলখনত শ্ৰীলংকাই প্ৰথমে খেলি ৬ টা উইকেটত ১৭০ ৰাণ সংগ্ৰহ কৰে।

এছিয়া কাপৰ ফাইনেল খেলখনত শ্ৰীলংকাই প্ৰথমে খেলি ৬ টা উইকেটত ১৭০ ৰাণ সংগ্ৰহ কৰে।

  • Share this:
দেওবাৰে এছিয়া কাপ ২০২২ৰ ১৫ তম ছিজন সমাপ্ত হয়। টি-২০ প্ৰতিযোগিতাৰ ফাইনেলত শ্ৰীলংকাই পাকিস্তানক ২৩ ৰাণত পৰাস্ত কৰি জয়লাভ কৰে। ইয়াৰ জৰিয়তে এছিয়া কাপৰ খিতাপ শ্ৰীলংকাই ষষ্ঠবাৰৰ বাবে দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতে এছিয়া কাপ মুঠ ৭ বাৰ দখল কৰিছে য'ত পাকিস্তান দলে মাত্ৰ ২ বাৰহে এছিয়া কাপৰ খিতাপ দখল কৰিছে।

দেওবাৰৰ এছিয়া কাপৰ ফাইনেল খেলখনত শ্ৰীলংকাই প্ৰথমে খেলি ৬ টা উইকেটত ১৭০ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ভানুকা ৰাজপাক্ষেই সৰ্বাধিক ৭১ ৰাণ কৰি পাকিস্তানৰ সন্মুখত এক শক্তিশালী লক্ষ্য বান্ধি দিয়ে। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানৰ দলটোৱে ২০ অভাৰত মাত্ৰ ১৪৭ ৰাণহে কৰিবলৈ সক্ষম হয়। খেলখনত কৰা দুৰ্দান্ত প্ৰদৰ্শন বাবে শ্ৰীলংকাৰ ভানুকা ৰাজপাক্ষেক প্লেয়াৰ অফ দ্য মেচ প্ৰদান কৰা হয়।

উল্লেখ্য যে, প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত শ্ৰীলংকাই আফগানিস্তানৰ হাতত ৮ উইকেটত পৰাজিত হৈছিল। কিন্তু ইয়াৰ পিছত দলটোৱে একেৰাহে ৫ খন মেচ জয় কৰে।

মন কৰিবলগীয়া যে, এই প্ৰতিযোগিতাখন এছিয়ান ক্ৰিকেট কাউন্সিলে (এচিচি)য়ে আয়োজন কৰে। এছিয়া কাপৰ ফাইনেলত বিজয়ী হোৱাৰ পিছত শ্ৰীলংকা দলে চেম্পিয়ন হিচাপে ১.৫০ লাখ ডলাৰ অৰ্থাৎ প্ৰায় ১.২০ কোটি টকা লাভ কৰে। একে সময়তে ৰানাৰ-আপ পাকিস্তানে ৭৫,০০০ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ৬০ লাখ টকা লাভ কৰে। এছিয়া কাপৰ বঁটা প্ৰদান অনুষ্ঠানত সময়ত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীও উপস্থিত আছিল। এছিয়া কাপৰ চলিত ছিজনত টীম ইণ্ডিয়া চুপাৰ-৪ ৰ পৰা বাহিৰ হৈছিল।

ইফালে, লেগ স্পিনাৰ আৰু অলৰাউণ্ডাৰ ৱানিন্দু হাচাৰাঙ্গা প্লেয়াৰ অফ দ্য চিৰিজ হিচাবে বিবেচিত হয়। খেলুৱৈগৰাকীয়ে টি-২০ টুৰ্ণামেণ্টখনৰ ৬ খন মেচত ১৯ ৰ গড়ত ৯ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি, ২১ ৰাণত ৩ টা উইকেট লৈ তেখেতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল। একে সময়তে, তেওঁ২২ৰ গড়ত ৬৬ ৰাণ সংগ্ৰহ কৰিছিল খেলখনত আৰু তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৫০। এইখিনিতেই উল্লেখনীয় যে, ফাইনেল খেলখনত তেওঁ ২১টা বলত ৩৬ ৰাণ সংগ্ৰহ কৰে য'ত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৭১। ইয়াৰোপৰি, খেলখনত তেওঁ ২৭ ৰাণত ৩ টা উইকেটো দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁ এটা অভাৰত ৩ টা উইকেট লৈ পাকিস্তানক বেকফুটলৈ ঠেলি দিছিল।

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে ষ্টাৰ স্পৰ্টছত মন্তব্য কৰে যে এছিয়া কাপ ‘টি-২০ হ'ল বিশ্বকাপ’ৰ পিছত আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা। তেওঁ কয় যে, এছিয়া মহাদেশত ভাৰত, পাকিস্তান, শ্ৰীলংকা, আফগানিস্তান আৰু বাংলাদেশৰ দৰে শক্তিশালী দল আছে। এছিয়া কাপ ২০২২ বৰ্তমানলৈ আটাইতকৈ কঠিন এছিয়া কাপ হিচাপে প্ৰমাণিত হৈছে। জানিব পৰা মতে, প্ৰতিযোগিতাখনৰ আগতে কোনেও শ্ৰীলংকাক চেম্পিয়ন হিচাপে বিবেচনা কৰা নাছিল। কিন্তু শ্ৰীলংকাই সমগ্ৰ প্ৰতিযোগিতাখনতেই আশ্চৰ্যজনক প্ৰদৰ্শন কৰি সকলোকে আচৰিত কৰি তুলিলে।

শেহতীয়া বাতৰি