ঈশ্বৰ ভক্তৰ তেজেৰে ৰাঙলী ঈশ্বৰ পুত্ৰৰ প্ৰতিমূৰ্তি!

তেজেৰে ৰাঙলী যীশু খ্ৰীষ্ট! এখন ফটোৱে বুকু কঁপাইছে বিশ্ববাসীৰ। এই ফটোখন এতিয়া শ্ৰীলংকাৰ অপৰিসীম বেদনাৰ প্ৰতীক।

news18assam
Updated:April 22, 2019, 3:34 PM IST
ঈশ্বৰ ভক্তৰ তেজেৰে ৰাঙলী ঈশ্বৰ পুত্ৰৰ প্ৰতিমূৰ্তি!
তেজেৰে ৰাঙলী যীশু খ্ৰীষ্ট! এখন ফটোৱে বুকু কঁপাইছে বিশ্ববাসীৰ। এই ফটোখন এতিয়া শ্ৰীলংকাৰ অপৰিসীম বেদনাৰ প্ৰতীক।
news18assam
Updated: April 22, 2019, 3:34 PM IST
তেজেৰে ৰাঙলী যীশু খ্ৰীষ্ট! এই ফটোখন এতিয়া শ্ৰীলংকাৰ অপৰিসীম বেদনাৰ প্ৰতীক। ফটোখনে বুকু কঁপাইছে বিশ্বৰ কোটি কোটি লোকৰ। দেওবাৰে ইষ্টাৰৰ দিনাই আঠটা ভয়ংকৰ বিস্ফোৰণে শ্ৰীলংকাৰ ৰাজধানীসহ সমগ্ৰ দেশ কঁপাই যোৱাৰ পিছত দেশখনৰ এই ভয়ংকৰ আক্ৰমণত যেন স্বয়ং ভগৱানেও চকুলো টুকিছে।

২৯০জন লোকৰ মৃত্যু আৰু ৫০০জন লোক আহত হোৱাৰ পিছত দেশখনত এতিয়া অহা ১০ দিনলৈ হাই এলাৰ্ট। সন্ত্ৰাসবাদৰ হেনো ধৰ্ম নাই! সেয়েহে এটা পৱিত্ৰ ধৰ্মীয় দিনত তিনিটাকৈ গিৰ্জা আৰু তিনিখন সম্ভ্ৰান্ত হোটেলত ওচৰা–ওচৰিকৈ সংঘটিত হ’ল কূটাঘাত। প্ৰথম বিস্ফোৰণ সংঘটিত হৈছিল কলম্বোৰ ছেণ্ট এন্থনীছ গিৰ্জাঘৰত। ইয়াৰ ঠিক কেইটামান পলৰ পিছতে ৰাজধানীৰ সমীপৰ ছেণ্ট ছেভাষ্টিয়ান গিৰ্জা ঘৰ কঁপি উঠিছিল আন এক বিস্ফোৰণত।

২০০৯ চনৰ পিছত প্ৰথমবাৰ দ্বীপ ৰাষ্ট্ৰখনে সন্ত্ৰাসবাদৰ এই ভয়ংকৰ চৰিত্ৰৰ সন্মুখীন হ’ল। শ্ৰীলংকাৰ এই ভয়ংকৰ বিস্ফোৰণত সমগ্ৰ বিশ্বই সহানুভূতি আৰু শোক প্ৰকাশ কৰিছে। ছচিয়েল মিডিয়াত অহৰহ আহিছে বিশ্বপ্ৰসিদ্ধ নেতাসকলৰ শান্তিৰ আহ্বান জনাই প্ৰেৰিত বাৰ্তা। ইয়াৰ মাজত সকলো ছবি আৰু ভিডিঅ’ৰ মাজত যিখন ছবি আটাইতকৈ বেছি ভাইৰেল হৈছে, সেই ছবিখনত প্ৰভূ যীশুৰ মূৰ্তিত টোপাল টোপাল ৰক্ত দেখা গৈছে।

বিস্ফোৰণৰ ঠিক পিছতে তোলা এই ছবিখন হৈছে নেগ’ম্বৰ ছেণ্ট ছেভাষ্টিয়ান গিৰ্জাঘৰৰ। ইষ্টাৰৰ প্ৰাৰ্থনা কৰিবলৈ সমবেত হোৱা ঈশ্বৰ ভক্তৰ তেজেৰে ঈশ্বৰ পুত্ৰৰ প্ৰতিমূৰ্তি ৰাঙলী হোৱা এই ছবিয়ে কন্দুৱাইছে বিশ্বক। সন্ত্ৰাসবাদ নিপাত যাওক।

শ্ৰীলংকা ধাৰাবাহিক বিস্ফোৰণৰ কেইখনমান আলোকচিত্ৰ
আৰু চাওক পৰৱৰ্তী বাতৰি