২২৫ জনীয়া সংসদত মাত্ৰ এখন আসন থকা শ্ৰীলংকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেক (Ranil Wickremesinghe) শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে এই সপ্তাহত এজন নতুন প্ৰধানমন্ত্ৰী নিযুক্ত কৰিব বুলি বুধবাৰে দেশক উদ্দেশ্যি দিয়া ভাষণত কৈছিল।
তেওঁ কৈছিল যে এই সপ্তাহতে এজন প্ৰধানমন্ত্ৰী আৰু কেবিনেট নিযুক্ত কৰিম, যি সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে আৰু দেশৰ জনসাধাৰণৰ বিশ্বাস জিকিব পাৰে।
এক বিবৃতিত ৰাষ্ট্ৰপতিগৰাকীয়ে (Sri Lanka President Gotabaya Rajapaksa) কয়, "সংবিধানৰ ১৯ তম সংশোধনীৰ বিষয়বস্তু কাৰ্যকৰী কৰিবলৈ সংবিধান সংশোধন কৰা হ'ব, যাতে সংসদত অধিক ক্ষমতা ন্যস্ত কৰা হয়।" নতুন চৰকাৰৰ প্ৰধানমন্ত্ৰীক এখন নতুন কাৰ্যসূচী সৃষ্টি কৰি দেশক আগুৱাই নিয়াৰ সুযোগ দিয়া হ'ব।
কেন্দ্ৰীয় বেংকৰ মুৰব্বীয়ে সতৰ্ক কৰি দিছিল যে যদি জৰুৰী ভিত্তিত নতুন চৰকাৰ নিযুক্তি দিয়া নহয়, তেন্তে শ্ৰীলংকাৰ অৰ্থনীতি ধ্বংস হ'ব। নন্দলাল ৱেৰাসিংঘে কৈছিল যে শুক্ৰবাৰৰ ভিতৰত নতুন প্ৰশাসনৰ দায়িত্ব লোৱাটো অতি গুৰুত্বপূৰ্ণ, নহ'লে দেশখন দুৰ্যোগৰ সন্মুখীন হ'ব।